নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনৰ হেতু সংখ্যালঘুদৰদীৰ ভূমিকাত ৰকিবুল-বদৰুদ্দিন : জাবেদ ইছলাম

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ “ইমান সঁহাৰি পাম বুলি ভবাই নাছিলো, যিমান সঁহাৰি পালোঁ। এই জেগাডোখৰ দেউতাৰ এটা চিনাকি জেগা। মই অলপ ভাবিছিলোঁ যথেষ্ট সঁহাৰি পাম। কিন্তু তাতকৈ বেছি পাইছোঁ; ভাল লাগিছে।” আজি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ধৰ্মশালাত অসম গণ পৰিষদ আৰু বিজেপিৰ এখন যৌথ সভাত অংশ লোৱাৰ পিছত এইদৰে মনৰ ভাব ব্যক্ত কৰে জাবেদ ইছলামে। ২নং ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী ইছলামে তেওঁৰ দুই নিৰ্বাচনী প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এআইইউডিএফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে “সংখ্যালঘুৰ হৈ এই দুজন ব্যক্তিয়ে মাত মতা নাই; এতিয়া সংখ্যালঘু দৰদী হৈ গৈছে। সংখ্যালঘুৰ নিৰাপত্তাৰ কথা কৈ আছে।” লগ’তে তেওঁ কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি কয়, “তেওঁলোক যেতিয়া শাসনত আছিল তেতিয়া কি অৱস্থাত পেলাইছিল? ডিটেনচন কেম্প কোনে বনাইছে? এওঁলোকে বিচাৰে মুছলমান ভয় খাই থাকক আৰু কংগ্ৰেছ দলক ভোট দি থাকক। হৈ গ’ল নহয় ৭৫ বছৰ; আৰু কিমান হ’ব!” বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামে আৰু কয় যে, মুছলমান এতিয়া সচেতন হৈ আহিছে আৰু এই চৰকাৰখনৰ প্ৰতি তেওঁলোকৰ আস্থা আহিছে। এই চৰকাৰ অহাৰ পিছত, এনডিএ চৰকাৰ অহাৰ পিছত ২০১৪ৰ পৰা আজিলৈকে হিন্দু-মুছলিম কোনো সংঘাত হোৱা নাই। এতিয়া ঘৰে ঘৰে চাকৰি পাই আছে; ঘৰে ঘৰে আঁচনি পাই আছে। উপস্থিত সাংবাদিক সন্মুখত তেখেতৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য, “এতিয়া ব্লেক মেইলিং কৰিব; হিন্দু-মুছলিম কৰিব; এই ১৫ দিনৰ ভিতৰত তেওঁলোকে এটা চেষ্টা চলাব। এই ১৫/২০ দিনত যদি এইবাৰ ব্লেক মেইলিংত সফল হ’ব নোৱাৰে; তেনেহলে চিৰ বিদায়।” উল্লেখ্য যে, আজি ধৰ্মশালাত অনুষ্ঠিত হৈ যোৱা যৌথ সভাখনত অগপৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি অপূৰ্ব ভট্টাচাৰ্য্য প্ৰমুখ্যে অগপ আৰু বিজেপি দলৰ বিভিন্ন স্তৰৰ বিষয়-ববীয়া সকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like