নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ কংগ্ৰেছৰ ভিতৰত প্ৰাণেই নাই। যেতিয়ালৈকে ভূপেন বৰা কংগ্ৰেছৰ সভাপতি হৈ থাকিব কংগ্ৰেছ শেষ হৈ যাব- আজি ধুবুৰীত বদৰুদ্দিন আজমলে এই মন্তব্য কৰে। আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ধুবুৰীৰ সম্ভাব্য প্ৰাৰ্থী ৰকিবুল হুছেইনক ভাতৃ বুলি অভিহিত কৰি তেওঁ কয়, তেওঁৰ আব্বা মোৰ চাচা আছিল; তেওঁৰ মাক সদায় চাচি চাচি কৰি গৈছোঁ। একেলগে খাইছোঁ, বহিছোঁ, ৰমজান মাহতো ইফতাৰ কৰিছোঁ। যদি ৰকিবুল হুছেইন চাহাব আহি যায় তেতিয়া মোৰ বাবে ভালেই হ’ব। দুই ভাতৃ বহি আমি আনডাৰষ্টেডিং এটা, চেটিং কৰি ল’ম, সি হাৰি যাব। আনহাতে বিহাৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে ইণ্ডিয়াৰ সংগ এৰি কৰি পুনৰ এনডিএলৈ যোৱাৰ বিষয়টো লৈ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে কয় যে মোৰ মতে মমতাও বিজেপিত যাব, সমাজবাদী বিজেপিত নাযায়, কেজৰিৱাল এটলিষ্ট চেভেন্টী পাৰ্চেন্ট ডাউট আছে কেজৰিৱালে বিজেপিত যাব। আনহাতে কংগ্ৰেছৰ একনায়কত্ববাদৰ বাবেই নীতিশ কুমাৰ যোৱা বুলি এক বিস্ফোৰক মন্তব্যও কৰে আজমলে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী