পূব নলবাৰীত আনন্দৰ বন্যা : নাৰ্ছিং কলেজ স্থাপনৰ সিদ্ধান্তৰ বাবে ধন্যবাদসূচক ৰেলী
নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিলপোতাবৰীত ৰাজ্য চৰকাৰে এখন অত্যাধুনিক নাৰ্চিং কলেজ স্থাপনৰ সিদ্ধান্তক আদৰণি জনায় নলবাৰী জিলাবাসীয়ে। এই লৈ আজি পুৱা অসম চৰকাৰক ৰাজহুৱা ধন্যবাদ জনাবলৈ বৃহত্তৰ পূব নলবাৰী অঞ্চলৰ কেইবাশ লোক শিলপোতাবৰী গোপাল মন্দিৰ প্ৰাংগণত উপস্থিত হয়। তাৰ পিছতে উপস্থিত ৰাইজে এটা সমদল কৰি প্ৰস্তাৱিত নাৰ্চিং কলেজৰ মাটিৰ ওচৰলৈ গৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে। সমদলত অংশগ্ৰহণ কৰি ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা আৰু সম্পাদক মনোজ ডেকাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ধন্যবাদ জ্ঞাপন কৰি কয় যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ সময়তে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উদ্যোগত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিলপোতাবৰীত থকা চৰকাৰী ভূমিত প্ৰস্তাৱিত নাৰ্ছিং কলেজ স্থাপনৰ সিদ্ধান্ত লোৱাত আমি পূব নলবাৰী অঞ্চলৰ ৰাইজে অতি সন্তোষ পাইছো। আমি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰাজহুৱাভাৱে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো। নাৰ্চিং কলেজখন স্থাপন হ’লে এই অঞ্চল আৰ্থসামাজিক দিশত ৰাইজ উপকৃত হ’ব। আনহাতে কালি নাৰ্চিং কলেজ স্থাপনৰ বিৰোধিতা কৰা একাংশ অসামাজিক ব্যাক্তিক তীব্ৰ গৰিহনা দিয়ে অসম চৰকাৰক ধন্যবাদসূচক ৰেলীত উপস্থিত থকা কেইবাশ লোকে। কেৱল ৰাজনীতি কৰিবলৈকে নাৰ্চিং কলেজ স্থাপনৰ বিৰোধিতা কৰাসকলক সকীয়াই দিয়ে সমবেত ৰাইজে। উল্লেখ্য যে শিলপোতাবৰীৰ সমীপতে আৰম্ভ হৈছে নলবাৰী চিকিৎসা মহাবিদ্যালয়। ফলত সম্প্ৰতি নলবাৰী, কামৰূপ, বাক্সা আদিৰ দুখীয়া ৰাইজ উপকৃত হৈছে।
প্ৰেৰক বীৰেন কলিতা