নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৱিত্র অক্ষয় তৃতীয়াত অসমৰ এৰী-মুগাৰ বস্ত্রৰে জিলিকিল ৰামলালা

🎯ৰাম মন্দিৰৰ অফিচিয়েল ডিজাইনাৰ মনীষ ত্রিপাঠীয়ে ডিজাইন কৰে বিশেষ পোছাকযোৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মে’ : অক্ষয় তৃতীয়াৰ পৱিত্র ক্ষণত অসম গৌৰৱ এড়ী আৰু মুগা সূতাৰে প্রস্তুত কৰা বস্ত্র পৰিধান কৰোৱা হ’ল ভব্য ৰাম মন্দিৰত থকা ৰামলালাক৷ ৰামলালাৰ আৰতিৰ পূর্বে তেওঁক এড়ী আৰু মুগা বস্ত্রৰে প্রস্তুত কৰা পোছাক পৰিধান কৰোৱা হয়৷ ভগৱান শ্রীৰামক পৰিধান কৰোৱা এই পোছাক প্রস্তুত কৰিছে ৰাম মন্দিৰৰ অফিচিয়েল ডিজাইনাৰ মনীষ ত্রিপাঠীয়ে৷ ৰামলালাক পৰিধান কৰোৱা বস্ত্র প্রস্তুতৰ বাবে ডিজাইনাৰগৰাকীক ৪০ৰ পৰা ৪৫ দিনৰ সময়ৰ প্রয়োজন হৈছিল৷ এই পোছাক প্রস্তুত কৰিবলৈ যাৱতীয় এড়ী আৰু মুগাৰ কাপোৰ যোগান ধৰিবলৈ বিশেষ উদ্যোগ গ্রহণ কৰিছিল মুখ্যমন্ত্রীৰ সহধর্মিণী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক আৰু গ’ল্ডেন থ্রেডছ অৱ আছামৰ সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷ অসমৰ মুগা শিল্পৰ প্রচাৰ আৰু প্রসাৰৰ বাবে দীর্ঘদিন ধৰি কাম কৰি অহা গ’ল্ডেন থ্রেডছ অৱ আছামৰ জৰিয়তে তেওঁ ৰামলালাৰ পোছাক প্রস্তুত কৰাৰ বাবে প্রয়োজনীয় এড়ী আৰু মুগাৰ কাপোৰ মন্দিৰ কর্তৃপক্ষক যোগান ধৰিছিল৷ এই বস্ত্র ডিজাইন কৰা মনীষ ত্রিপাঠীয়ে সংবাদ মাধ্যমৰ সন্মুখত প্রকাশ কৰে যে অক্ষয় তৃতীয়া এক বিশেষ পর্ব৷ হিন্দু সমাজত এই পৱিত্র দিনটোৰ আছে বিশেষ মাহাত্ম্য৷ প্রতি শুকুৰবাৰে ৰামলালাক ক্রীম ৰঙৰ পোছাক পৰিধান কৰোৱা হয় বুলি উল্লেখ কৰি তেওঁ কয়– ‘এড়ী সূতাৰ ৰং প্রাকৃতিকভাৱেই ক্রীম৷ গতিকে শুকুৰবাৰৰ বাবে ৰামলালা পোছাক প্রস্তুত কৰিবলৈ ইয়াতকৈ আৰু সুন্দৰ বিকল্প একো হ’ব নোৱাৰে৷ ৰামলালাৰ পোছাকৰ জৰিয়তে ভাৰতীয় হস্ততাঁত আৰু বস্ত্রশিল্পৰ চহকী পৰম্পৰা প্রদর্শনৰ মই সদায় চেষ্টা কৰি আহিছোঁ৷ এড়ী আৰু মুগাৰ সূতাৰে প্রস্তুত কৰা পোছাকৰ বাবে মই অসম চৰকাৰৰ সৈতে যোগাযোগ কৰিছিলোঁ৷ তেতিয়াই ৰিণিকি ভূঞা শর্মাৰ সৈতে মোৰ সাক্ষাৎ হ’ল আৰু তেওঁৰ অধীনস্থ গ’ল্ডেন থেডছ অৱ আছামৰ পৰা কাপোৰ লাভ কৰিলোঁ৷ এই কাপোৰ বোৱাৰ পৰা আৰম্ভ কৰি পোছাকযোৰ সম্পূর্ণৰূপে প্রস্তুত কৰি উলিওৱালৈকে ৪০–৪৫ দিন সময়ৰ প্রয়োজন হৈছে৷ ৰিণিকি ভূঞা শর্মাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ ৰামলালাক এই পোছাক পৰিধান কৰোৱাৰ লগে লগে অসমৰ এড়ী আৰু মুগা শিল্পই প্রচাৰ আৰু প্রসাৰ লাভ কৰিব৷’ এড়ী আৰু মুগা সূতাৰে ৰামলালাৰ বাবে বৈষ্ণৱ চিহ্ণ শংখ, গদা, পদ্ম আদি সন্নিৱিষ্ট কৰি প্রস্তুত কৰা হৈছে বুলিও ত্রিপাঠীয়ে জানিবলৈ দিছে৷ এসপ্তাহৰ বাবে ৰাম মন্দিৰৰ গর্ভগৃহত থকা ৰামলালাক এড়ী আৰু মুগাৰে প্রস্তুত কৰা পোছাক পৰিধান কৰাই ৰখা হ’ব বুলিও তেওঁ সদৰী কৰে৷ স্বাভাৱিকতে অসমৰ বিখ্যাত এড়ী আৰু মুগা সূতাৰে প্রস্তুত কৰা বস্ত্রই ৰামলালাৰ মূর্তি শোভাৱর্ধন কৰা কার্যই অসমবাসীক আনন্দিত কৰি তুলিছে৷

You might also like