🔹 নির্বাচনৰ পূর্বে যোৰহাট কংগ্রেছত মোক্ষম আঘাত
🔹 তপন গগৈ আঢ়ৈ লাখৰো অধিক ভোটৰ ব্যৱধানত জিকিব : পীয়ূষ হাজৰিকা
🔹 কংগ্রেছ এতিয়া অচল টকা ভৱেশ কলিতা
বিশেষ বার্তা, যোৰহাট, ১৮ মার্চ : ৰাণা গোস্বামীৰ দল ত্যাগৰ পিছতে উজনি অসমত এতিয়া থৰক–বৰক হৈ পৰিছে কংগ্রেছৰ ভেটি৷ উজনিৰ শক্তিশালী নেতাগৰাকীক হেৰুৱাই এতিয়া চৰম অস্বস্তিত পৰিছে কংগ্রেছ দল৷ যাৰ বাবে দলটোৰ প্রতি মোহভংগ হৈ এতিয়া নবীন–প্রবীণ কংগ্রেছ কর্মীয়ে দলে–বলে ৰাণাৰ পিছে পিছে যোগ দিছে বিজেপিত৷ কালি যোৰহাটত হোৱা এক বৃহৎ যোগদান অনুষ্ঠানতেই প্রতিপন্ন হ’ল ৰাণা গোস্বামীৰ দলীয় সাংগঠনিক ভেটি কিমান শক্তিশালী৷ ৰাণা গোস্বামীৰ প্রত্যক্ষ নেতৃত্বত লোকসভা নির্বাচনৰ প্রাক্ক্ষণত কালি যোৰহাট কংগ্রেছক মোক্ষম আঘাত হানি দুই সহস্রাধিক কংগ্রেছ কর্মীয়ে যোগদান কৰে বিজেপিত৷ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত কংগ্রেছ কর্মীসকলৰ এই যোগদানে যোৰহাটত পুনৰ শক্তিশালী কৰিলে গেৰুৱা দলটোক৷ ৰাণা গোস্বামীৰ নেতৃত্বত কংগ্রেছৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্রী বন্দনা কলিতা, জিলা কংগ্রেছৰ সম্পাদক নৱজ্যোতি হাজৰিকা, হিমাংশু হাজৰিকা, সেৱাদলৰ সভাপতি গোবিন শর্মা, নগৰ মণ্ডলৰ সাধাৰণ সম্পাদক পৱিত্র দাস, যুৱ কংগ্রেছৰ উপ–সভাপতি ভার্গৱ বৰবৰা, তিতাবৰ পৌৰসভাৰ প্রাক্তন পৌৰপতি বিজয় বুঢ়াগোহাঁইকে প্রমুখ্য কৰি যোৰহাটৰ বিভিন্ন প্রান্তৰ দুই সহস্রাধিক কংগ্রেছ দলৰ কর্মীয়ে বিজেপি দলত যোগদান কৰে৷ এই উদ্দেশ্যে যোৰহাটৰ ৰজাবাৰী আই টি আই খেলপথাৰত অনুষ্ঠিত বৃহৎ যোগদান কার্যসূচীত অংশগ্রহণ কৰি অসম চৰকাৰৰ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই বিজেপি দললৈ অহা প্রতিগৰাকীক আন্তৰিক শুভেচ্ছা জনাই কয় যে এতিয়াৰ পৰা আমি একেলগ হৈ কাম কৰি দেশমাতৃৰ সেৱা কৰিম আৰু আপদে–বিপদে একেলগে থাকিম৷ বিধায়ক সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কুর্মী, ৰাণা গোস্বামীৰ দৰে বিভিন্নজনক কংগ্রেছ দলে দল ত্যাগ কৰিবলৈ বাধ্য কৰিছে৷ কিয়নো কংগ্রেছ দলত এতিয়া মানুহ থাকিব নোৱাৰা হৈছে৷ দলটোত এতিয়া দর্শন আৰু আদর্শ একো নাই৷ যিসকল বর্তমান দলটোত আছে তেওঁলোক অতি কষ্টত আছে৷ সেয়েহে প্রতিদিনেই বিজেপি দলত যোগদান কার্যসূচী চলি আছে বুলি কয়৷ কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰি এই দলে কেৱল পৰিয়ালৰ কথা চিন্তা কৰা বুলি ভাষণত উল্লেখ কৰি মন্ত্রী হাজৰিকাই ইয়াৰ বিপৰীতে বিজেপি দলে নতুন আৰু পুৰণি সকলোকে লৈ অসম আৰু ভাৰত মাতাৰ সেৱা কৰা বুলি কয়৷ নির্বাচন ডাঙৰ কথা নহয় বুলি মন্তব্য কৰি ভাৰত মাতাক সেৱা কৰাটো বিজেপি দলৰ মূল লক্ষ্য বুলি উল্লেখ কৰে৷ যিসকল এতিয়াও কংগ্রেছ দলত আছে তেওঁলোক সকলোকে বিজেপি দলে আঁকোৱালি ল’ব বুলি মন্তব্য কৰি মন্ত্রীগৰাকীয়ে যোৰহাট লোকসভাৰ কংগ্রেছৰ প্রার্থী গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ গৌৰৱৰ কলিয়াবৰত নির্বাচন খেলাৰ মন থকা বুলি কোৱা মন্তব্যই প্রার্থীগৰাকীয়ে যোৰহাটবাসীক চৰম অপমান কৰা বুলি কয়৷ গৌৰৱ গগৈয়ে পুৰণা কলিয়াবৰ, ধিং, ৰূপহী, বটদ্রৱা, আদিৰ পৰা নির্বাচন খেলাৰ মন মেলাৰ অন্তৰালত কি আছে সেয়া ৰাইজে বুজি উঠিছে বুলি মন্তব্য কৰি মন্ত্রী পীয়ূষ হাজৰিকাই কংগ্রেছ চৰকাৰৰ দিনত কেন্দ্রত হোৱা অনিয়ম আৰু দুর্নীতিৰ বাবে দেশৰ জনতাই কংগ্রেছক বিদায় দি প্রধানমন্ত্রীৰ দায়িত্ব নৰেন্দ্র মোদীক দিয়ে৷ মোদীয়ে প্রতিষ্ঠানবিৰোধী ঢৌ নাইকিয়া কৰাত এতিয়া দেশত প্রতিষ্ঠানৰ সপক্ষে ৰাইজ ওলাই অহা বুলি কয়৷ বিজেপিয়ে ২০১৪ চনত ২৭২খন, ২০১৯ চনত ৩০৩ আৰু এইবাৰ অর্থাৎ ২০২৪ চনত ৩৯০খনৰো অধিক আসনত জয়লাভ কৰিব বুলি কয়৷ ভাষণ প্রসংগত মন্ত্রী পীয়ূষ হাজৰিকাই বিজেপি চৰকাৰে কেন্দ্র আৰু ৰাজ্যত ৰূপায়ণ কৰা বিভিন্ন অভিলাষী আঁচনিৰ জৰিয়তে কেনেদৰে সাধাৰণ জনতা উপকৃত হৈছে সেই সন্দর্ভত আলোকপাত কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত পৰৱর্তী তিনি বছৰত ভাৰত বিশ্বৰ অর্থনীতিত তৃতীয় স্থানলৈ আগবাঢ়িছে বুলি উল্লেখ কৰে৷ যোৰহাটৰ উন্নয়নৰ স্বার্থত তপন কুমাৰ গগৈক ভোট দিবৰ বাবে সকলোকে আহ্বান জনাই তেওঁ এই নির্বাচনত আঢ়ৈ লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী বুলি মন্তব্য কৰে মন্ত্রী পীয়ূষ হাজৰিকাই৷ যোগদান অনুষ্ঠানটোত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে এইবাৰ ঘৰে ঘৰে পদুম ফুলিব আৰু তপন কুমাৰ গগৈ বিপুল ভোটত জয়ী হ’ব৷ বিজেপি দললৈ অহা প্রতিগৰাকীলৈ অভিনন্দন জনাই সকলোকে দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত দেশ পৰম বৈভৱশালী হৈ আছে বুলি মন্তব্য কৰি ভৱেশ কলিতাই ২০১৪ চনৰ পূর্বৰ ভাৰত এতিয়া নাই বুলি কয়৷ যোৱা দহ বছৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যুৱক–যুৱতী, মাতৃ, কৃষক আৰু গৰিব কল্যাণ যোজনা এই চাৰি স্তম্ভক লৈ কাম কৰা বুলি মন্তব্য কৰি বর্তমান দেশ তথা ৰাজ্যখনত সকলো জাতি–জনগোষ্ঠীৰ সমাৱেশ হোৱা বুলি কয়৷ কংগ্রেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কংগ্রেছ এতিয়া অচল টকাত পৰিণত হোৱা বুলি মন্তব্য কৰি সীমাহীন দুর্নীতি–ভ্রষ্টাচাৰ আৰু পৰিয়ালবাদৰ কংগ্রেছ দলৰ নৈতিকতা নাই বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে৷ ইয়াৰ বিপৰীতে বিজেপি দলত পৰিয়াল নাই বুলি উল্লেখ কৰি সংখ্যালঘুক কংগ্রেছ দলে চৰম প্রতাৰণা কৰিলে বুলি মন্তব্য কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে৷ জাত–পাতৰ ৰাজনীতি, পৰিয়াল তুষ্টিকৰণত ব্যস্ত থকা কংগ্রেছ দলে ৰাইজৰ ওচৰত ভোট বিচৰাৰ অধিকাৰ হেৰুৱাই পেলোৱা বুলি কয়৷
যোগদান অনুষ্ঠানটোত ভাষণ প্রদান কৰি বিজেপি দলৰ ৰাজ্যিক উপ–সভাপতি তথা ন–বিজেপি ৰাণা গোস্বামীয়ে কয় যে এতিয়াৰে পৰা মোৰ এক নতুন যাত্রা আৰম্ভ হ’ল৷ আপোনালোক আজিৰ পৰা পুনৰ মোৰ সংগী বুলি কংগ্রেছ দলৰ পৰা আজি বিজেপিত যোগদান কৰাসকলক উদ্দেশ্যি তেওঁ আৰু কয় যে প্রধানমন্ত্রীৰ সপোন বাস্তৱায়িত আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ নতুন অসম গঢ়াৰ যি সংকল্প সেয়া আমি পূৰণ কৰিবলৈ প্রতিজনেই চেষ্টা কৰিম৷ বহুত দুখত তেওঁ কংগ্রেছ দল ত্যাগ কৰা বুলি মন্তব্য কৰি ৰাণা গোস্বামীয়ে গৌৰৱ গগৈৰ ইতিহাস হূদয়ৰ পাঠ খুলি অচিৰেই ৰাইজৰ মাজলৈ আনিব বুলি কয়৷ যোগদান সভাত অংশগ্রহণ কৰি বিজেপি প্রার্থী তপন কুমাৰ গগৈয়ে ৰাণা গোস্বামী বিজেপি দললৈ আহি দলটোক দুগুণে শক্তিশালী কৰা বুলি মন্তব্য কৰি ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত যি বিকাশৰ যাত্রা আৰম্ভ হৈছে তাৰ প্রতি সহায়ৰ হাত আগবঢ়াবলৈ সকলোৰে প্রতি আহ্বান জনায়৷ বিজেপিৰ জিলা সভাপতি হেমন্ত কলিতাই আদৰণী ভাষণ প্রদান কৰা অনুষ্ঠানটোত যোৰহাট জিলাৰ প্রভাৰী পংকজ বৰবৰা, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী প্রমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷