নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰণদীপ সূৰ্যেৱালাক অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ

ৰণদীপ সিং সূৰ্যেৱালাক অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। ২৩ মে’ত ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখত উপস্থিত থাকিবলৈ নিৰ্দেশ দি তেওঁৰ বাসগৃহৰ দেৱালত জাননী আঁৰি দিয়ে অসম আৰক্ষীয়ে।

জানিব পৰা মতে, কংগ্ৰেছ নেতা পৱন খেৰাক জেৰাৰ সময়ত ৰণদীপ সিং সূৰ্যেৱালাৰ নাম উল্লেখ কৰা হৈছিল। তাৰ পিছতেই তদন্তকাৰী সংস্থাই ৰণদীপ সিং সূৰ্যেৱালাক জেৰাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰে।

উল্লেখযোগ্য যে ৰণদীপ সিং সূৰ্যেৱালাক কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ ব্যক্তি হিচাপে গণ্য কৰা হয়। ঘটনাটোক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত ব্যাপক চর্চা আৰম্ভ হৈছে।

ডিজিটেল ডেস্ক, ১৯ মে’

You might also like