আজি ১৯ মে’, জেঠ মাহৰ ৪ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা দ্বিতীয়া, নক্ষত্র : উত্তৰ ভাদ্রপদ, যাত্রা : নাই
মেষ : আজি স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায়ত সমস্যা হ’ব পাৰে৷ কোনোধৰণৰ আশা ভংগ হ’ব পাৰে৷ দূৰ কোনো ঠাই ভ্রমণৰ আলোচনা হ’ব৷ সামাজিক কামৰ বাবে সন্মান লাভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৮৷
বৃষ : আজি শিক্ষার্থীসকলৰ উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্রা হোৱাৰ সম্ভাৱনা৷ কোনো আত্মীয়ৰ বাবে চিন্তা বৃদ্ধি৷ নতুন গৃহ নির্মাণৰ সম্ভাৱনা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷
মিথুন : আজি পাবলগীয়া থকা ধন ঘূৰাই পাব৷ সংসাৰত অতিথিৰ কাৰণে অযথা অর্থ ব্যয় হ’ব পাৰে৷ অতিৰিক্ত ক্রোধৰ বাবে সমস্যা হ’ব৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷
কর্কট : আজি ব্যৱসায়ৰ ক্ষেত্রত উন্নতিৰ যোগ৷ অতিৰিক্ত কথা কোৱাৰ বাবে ঘৰত বিবাদ হ’ব পাৰে৷ স্বাস্থ্যৰ অসুবিধাৰ কাৰণে কর্মস্থানত অশান্তি হ’ব৷ প্রেমত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
সিংহ : আজি ঘৰলৈ কোনোবা আত্মীয় অহাৰ সম্ভাৱনা৷ হাতলৈ পইচা আহিব যদিও খৰচ বৃদ্ধি৷ শত্রুৰ পৰা সাৱধান৷ প্রেমৰ ক্ষেত্রত বাধা৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
কন্যা : আজি ব্যৱসায়ত শুভ পৰিৱর্তন অহাৰ সম্ভাৱনা৷ শৰীৰত আঘাত পাব পাৰে, গতিকে সাৱধান৷ বিদ্যাত বাধা৷ প্রেমত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১৷
তুলা : আজি ব্যৱসায়ত আয় বৃদ্ধিৰ যোগ৷ অতিৰিক্ত খৰচৰ বাবে চিন্তা বাঢ়িব পাৰে৷ আপোনাৰ ব্যৱহাৰে আপোনাক ভাল ফল দেখুৱাব৷ প্রেমত আনন্দ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷
বৃশ্চিক : আজি পঢ়া–শুনাৰ বাবে সুনাম লাভ কৰিব৷ সন্তানৰ বাবে ঘৰত খৰচ বৃদ্ধি৷ অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনোধৰণৰ কাম আৰম্ভ নকৰিব৷ প্রেমত কষ্ট৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯৷
ধনু : আজি বন্ধুৰ ফালৰ পৰা কিছু ভাল সহায় পোৱাৰ সম্ভাৱনা৷ ব্যৱসায়ৰ দিশত কোনো ব্যক্তিৰ লগত বিবাদ হ’ব পাৰে৷ প্রিয়জনৰ লগত বিবাহৰ কথা আলোচনা হ’ব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷
মকৰ : আজি সম্পত্তিক লৈ অশান্তি হ’ব পাৰে৷ সন্তানৰ ভুলৰ কাৰণে সমাজৰ আগত লজ্জিত হ’ব পাৰে৷ ঘৰত অশান্তিৰ বাবে মানসিকভাৱে কষ্ট পাব৷ প্রেমত শুভ৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৩৷
কুম্ভ : আজি পূজা-পাঠৰ বাবে খৰচ বাঢ়িব৷ পাৰিবাৰিক দিশত অশান্তি৷ মূৰৰ বিষত ভুগিব পাৰে৷ স্ত্রীৰ লগত বিবাদ দেখা যায়৷ বিদ্যাত নতুন সুযোগ লাভ কৰিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ২৷
মীন : আজি আপুনি বিচৰা মতে পৰিৱেশ হ’ব৷ দাম্পত্য জীৱনত শুভ ফল৷ চাকৰিৰ স্থান সলনি হ’ব পাৰে৷ নতুন ব্যৱসায় আৰম্ভ হ’ব পাৰে৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৬৷