নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল: আজিৰে পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হল ৫৩ সংখ্যক নাহৰকটীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলন। নাহৰকটীয়া ৰঙালী-ৰূপালী মঞ্চত অনুষ্ঠিত হোৱা ত্ৰি পঞ্চাশসংখ্যক বিহু সন্মিলনৰ লগত সংগতি ৰাখি পুৱা ৫৩ খন পতাকা উত্তোলনৰ কাৰ্যসূচীত মুখ্য পতাকা উত্তোলকৰ দায়িত্ব পালন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰদীপ বুঢ়াগোঁহাইয়ে। আনহাতে স্মৃতি তৰ্পন কাৰ্য্যসূচী মুকলি কৰে কাৰ্যকৰী সভাপতি ব্ৰীজ মোহন আগৰৱালাই। ইয়াৰ পিছতেই উদযাপন সমিতিৰ যুটীয়া সম্পাদকদ্বয় ক্ৰমে অনিল দাস পানিকা আৰু বিতোপন গগৈয়ে উদ্বোধন কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে জনপ্ৰিয় অভিনেতা নয়ন নীলিম আৰু অভিনেত্ৰী ৰিছা ছেত্ৰীয়ে । উল্লেখযোগ্য যে অসমীয়া গাঁৱৰ গায়ন বায়ন দল, হুঁচৰি, জেংবিহু, বড়ো, মেচ কছাৰী, নেপালী, নক্তে, আদিবাসী, উৰিয়া আদি বিভিন্ন জাতি জনগোষ্ঠীৰ অপূৰ্ব সাংস্কৃতিক সমন্বয় ঘটা আৰু তিনিটাকৈ হাতীয়ে সন্মুখৰ পৰা নেতৃত্ব দিয়া এই শোভাযাত্ৰাই চহৰখন পৰিভ্ৰমণ কৰাৰ লগতে সকলো লোকৰ মাজলৈ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই নিয়ে। শোভাযাত্ৰাৰ অন্তত অঞ্চলটোৰ বিশিষ্ট বিহুৱা মহেন্দ্ৰ চাৰিঙিয়া ফুকনে মঞ্চ মুকলি কৰাৰ পিছতে অনুষ্ঠিত হয় চেমনীয়া আৰু যুৱক বিহু হুঁচৰি প্ৰতিযোগিতা আৰু চেমনীয়া আৰু যুৱতী জেংবিহু প্ৰতিযোগিতা। একেদৰে কাইলৈ সন্মিলন খনিত ঢোল, পেঁপা, বিহুনাচ, বিহুনাম, মৌকুঁৱৰী, বোৱাৰী বিহু আদি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া অনুষ্ঠিত হবলগীয়া স্থানীয় শিল্পীৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক সন্ধিয়া মুকলি কিৰিব এ পি এল নামৰূপৰ অধ্যক্ষ বিকুল ডেকাই। আনহাতে অন্তিম দিনা বিহুৱতী, চিত্ৰাংকন আৰু জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ অন্তত উদযাপন সমিতিৰ সভাপতি প্ৰদীপ বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত নাহৰকটীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা ডঃ স্মৃতিৰেখা গগৈ গায়নে মুখ্য অতিথি আৰু অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আবাসিক বিষয়া প্ৰশান্ত বৰকাকতিয়ে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰাৰ লগতে নাহৰকটীয়াৰ বিশিষ্ট চিকিৎসক ডাঃ নৰেন নিৰ্মলীয়াক “দিহিংপৰীয়া সাধনা বঁটা” আগবঢ়োৱা হব। উক্ত অনুষ্ঠানতে বিহু সন্মিলনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থখনি নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে উন্মোচন কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই উদ্ধোধন কৰিবলগীয়া সাংস্কৃতিক সন্ধিয়াত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ঢোলৰ ওজা সোমনাথ বড়াই ঢোলবাদন প্ৰদৰ্শন কৰাৰ উপৰিও শিৱসাগৰৰ সুৰ-সমলয় সমন্বয় গোষ্ঠীয়ে নৃত্য প্ৰদৰ্শন আৰু জনপ্ৰিয় কণ্ঠশিল্পী নীলভ নীতাই গীতৰ শৰাই আগবঢ়াব।
প্ৰেৰক প্ৰাঞ্জল ভূঞা