নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ : পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মায়ং সংৰক্ষিত বনাঞ্চলত শাল আৰু ভোমোৰা গছ কাটি থকা অৱস্থাতে দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰী ৰঞ্জিত ৰাভাক আটক কৰে বন বিভাগৰ দলে। কাঠ বেপাৰী বিভিন্ন গছ কটা সামগ্ৰীও জব্দ কৰে বন বিভাগৰ দলটোৱে । উল্লেখ্য যে লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰ চেমীম আখতাৰৰ নেতৃত্বত আন দিনাৰ দৰে আজিও দুপৰীয়াৰ ভাগত মায়ং সংৰক্ষিত বনাঞ্চল অঞ্চলত টহল দি আছিল। তেনে সময়তে ৰঞ্জিত ৰাভাই শাল আৰু ভোমোৰা গছ কাটি আছিল। বন বিভাগৰ দলটি ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে ৰঞ্জিত ৰাভাই পলাবলৈ লওঁতে হাতে-লোটে আটক কৰে। ইফালে, ৰঞ্জিত ৰাভাৰ লগত থকা আন এজন কাঠ ব্যৱসায়ীয়ে পলাই সাৰিবলৈ সক্ষম হয়। আটকাধীন ৰঞ্জিত ৰাভাক জে’ল হাজোতলৈ প্ৰেৰণ কৰে বন বিভাগে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি মায়ং সংৰক্ষিত বনাঞ্চল এলেকাত ৰঞ্জিতে গছ কাটি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।
প্ৰেৰক ভগৱান দাস