নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও আৰক্ষীৰ জালত শিশু নিৰ্যাতনকাৰী

বাৰ্তা বুৰো,  ২৪ ছেপ্টেম্বৰ : মৰিগাঁও নগৰৰ সমীপৱৰ্তী এক অঞ্চলত এজন বিকৃত মানসিকতাৰ যুৱকে এটি ৮ বছৰীয়া দেৱশিশুক বিগত কেইবামাহো ধৰি নিৰ্যাতন কৰি অহাৰ বিষয়ে আজি শিশুটিয়ে অভিভাৱকক জনোৱাৰ পিছতে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু তৎকালে মৰিগাঁও থানাৰ পৰিদৰ্শক জ্যোতিপ্ৰসাদ সন্দিকৈয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, সৰুতে পিতৃ-মাতৃক হেৰুওৱা কণমানিজনীয়ে খুৰাকৰ পৰিয়ালৰ সৈতে বাস কৰিছিল। অভিযুক্ত ভোগেশ্বৰ ডেকাক দৰিদ্র অৱস্থাৰ হেতু এই পৰিয়ালটোৱে লকডাউনৰ পিছত ঘৰত আশ্ৰয় দিছিল।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like