নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত পুনৰ প্ৰাৰ্থিত্ব লাভ ৰণোজ পেগুৰ

৭৮ নং ধেমাজি বিধানসভা সমষ্টিৰ  বিজেপিৰ প্ৰাৰ্থী হিচাপে পুনৰ  বিজেপিৰ  নেতৃত্বই  আজি  ডা: ৰণোজ পেগুৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ লগে লগে ব্যাপক ৰুপত উৎফুল্লিত হৈ পৰে ধেমাজি  বিজেপি দলৰ সকলো স্তৰৰ নেতা-কৰ্মী, শুভাকাংক্ষী৷

টিকট প্ৰাপ্তিৰ খবৰ পোৱাৰ মাত্ৰে শিক্ষামন্ত্ৰী ডাঃ পেগু ধেমাজি নগৰস্হিত জিলা বিজেপিৰ কাৰ্যালয়ত উপস্হিত হৈ দলীয় কৰ্মীৰ আনন্দৰ সৈতে একাত্ম হৈ পৰে৷ একেৰাহে তিনিটা কাৰ্যকালৰ বাবে ধেমাজি বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সুযোগ পোৱাত বহুসংখ্যক দলীয় কৰ্মীয়ে মিঠাই বিতৰণো কৰে৷

উল্লসিত দলীয় কৰ্মীসকলে বিজেপিৰ প্ৰাৰ্থীগৰাকীক ফুলাম গামোচা, চেলেং চাদৰেৰে উষ্ম সম্বৰ্ধনা জনাই বিপুলভাৱে শুভেচ্ছা জ্ঞাপন কৰে৷

ইফালে উপস্হিত  দুই শতাধিক দলীয় কৰ্মী আৰু শুভাকাংক্ষীয়ে বিজেপি জিন্দাবাদ, ডাঃ ৰণোজ পেগু  জিন্দাবাদ, ৰণোজ পেগু জিকিবই জিকিবই, ভাৰত মাতা কী জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ ইত্যাদি শ্লোগানেৰে ধেমাজি জিলা বিজেপিৰ কাৰ্যালয়ৰ সমগ্ৰ পৰিৱেশ মুখৰিত কৰি তোলে৷

নিয়মীয়া বাৰ্তা, ধেমাজি, ১৯ মাৰ্চ

You might also like