নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোহন বাঁহীৰ সুৰত গকুল-বৃন্দাবনত পৰিণত সত্ৰদ্বীপ মাজুলী

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰ : সত্ৰ দ্বীপ মাজুলীৰ আধ্যাত্মিক সুখানুভূতি জড়িত হৈ থকা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আজিৰে পৰা মাজুলীৰ অধিকাংশ ৰংগমঞ্চত আৰম্ভ হৈছে। মাজুলীৰ ৬৫টা ৰংগমঞ্চত আজি সন্ধিয়া বাজি উঠা ডবা,শংখৰ ধ্বনিৰ মাজেৰে প্ৰস্তাৱনা দৃষ্টিৰে আৰম্ভ হয় শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। ৰাসোৎসৱৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণই মৰ্ত্যত কৰা কৰ্মৰাজিক  প্ৰতিফলিত কৰা হয়। তেওঁৰ ৰসপূৰ্ণ অৰ্থাৎ তাত্ত্বিক ৰসেৰে সমৃদ্ধ কথাবস্তুক ৰাসলীলাৰ মাধ্যমেৰে আত্মাৰ পৰা পৰমাত্মালৈ, দৈনন্দিন জীৱনৰ সুখানুভূতিক আধ্যাত্মিকতালৈ আৰু কাম প্ৰবৃত্তিসমূহক কলাত্মক ৰূপ প্ৰদান কৰি ৰাসলীলাত অংকন কৰা হৈছে। ইফালে তিনিৰ পৰা পাচদিনীয়াকৈ মাজুলীত আৰম্ভ হোৱা শাৰদীয় ৰাসোৎসৱক লৈ এতিয়া মাজুলীত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। মোহন বাঁহীৰ সুৰত গকুল বৃন্দাবনলৈ পৰ্যবসিত হৈছে লুইতৰ পাৰৰ সত্ৰ দ্বীপ মাজুলী। ৰাসোৎসৱৰ প্ৰথমদিনাই মাজুলীলৈ ৰাসলীলা উপভোগৰ বাবে ৰাজ্যৰ বিভিন্ন পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰতিষ্ঠা কালৰ পৰম্পৰা অক্ষুন্ন ৰাখি মাজুলীৰ ঐতিহাসিক দক্ষিণপাট, আউনীআটী সত্ৰত ৰাস পূজাৰে আৰম্ভ হৈছে ৰাস মহোৎসৱ। ১৮৫ বছৰ ধৰি নিৰৱিচ্ছিন ভাৱে দক্ষিণপাট সত্ৰত মহাপয়োভৰৰে শ্ৰীশ্ৰী কৃষ্ণৰ লীলাৰ যোগেদি ভক্তিপ্ৰাণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। সত্ৰ খনৰ দশম গৰাকী সত্ৰাধিকাৰ প্ৰয়াত বাসুদেৱ গোস্মামীয়ে স্বপ্নাৱিষ্ট হৈ ৰচনা কৰা ‘শ্ৰীকৃষ্ণৰ জন্মৰ পৰা অৰিষ্টাসুৰ বধ’ পৰ্যন্ত ৰাস নাটকৰ লগতে ৰাস বিধি প্ৰনয়ণ কৰি ১৮৪০খৃীঃ ৰ পৰা প্ৰতিবছৰে তিনিদিনীয়াকে উলহ মালহৰে ৰাস পূজাক উৎসৱ হিচাবে সত্ৰ খনে পালন কৰি আহিছে। সত্ৰ খনত ১৮৫ গছি বন্তি প্ৰজ্জ্বলনৰ যোগেদি এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। ঐতিহাসিক আউনীআটী সত্ৰত পালনাম মহোৎসৱৰ মাজতে সন্ধিয়ালৈ ৰাস পূজা কৰা হয়। গড়মূৰ সত্ৰতো পৰম্পৰাগত নীতি নিয়মেৰে ৰাস পূজা কৰা হয়। সেই অনুসৰি দক্ষিণপাট, আউনীআটী, গড়মূৰ আদি বৰ সত্ৰসমূহত ৰাসপূজাৰ উপলক্ষে নামঘৰসমূহ আজি সজোৱা হয়। দক্ষিণপাট সত্ৰত পুৱা ভগৱান বৃন্দাবনচন্দ্ৰক মণ্ডপলৈ উলিয়াই অনা হয়। আনহাতেদি আউনীআটী, গড়মূৰ আদি সত্ৰসমূহত ৰাধাকৃষ্ণৰ যুগল মূৰ্তিকহে সন্ধিয়া উলিয়াই আনি পূজা অৰ্চনা কৰা হয়। উক্ত দিনা বৃন্দাবনচন্দ্ৰৰ পূজাৰ উপৰিও শ্ৰীকৃষ্ণৰ অৰ্জুনভঞ্জন, শকতভঞ্জন, পুতলা শোষণ আদি নাটত সন্নিৱিষ্ট ভক্ত পৰিষদকো পূজা কৰা হয়। পুৱাৰে পৰা মহাপূজাৰ লগতে এই সত্ৰসমূহত গীতাপাঠ, গোপাল নাম আৰু পূজা চলি থকাৰ সময়তেই ৰাসাভিনয় আৰম্ভ হয়। দক্ষিণপাট সত্ৰত অৰিষ্টাসুৰ বধ পর্যন্ত অভিনীত হয়। অন্যহাতেদি এইবাৰ আউনীআটী সত্ৰৰ পালনামো ৰাসৰ সময়তে পৰাত এইবাৰ আউনীআটী সত্ৰত ১৬ নৱেম্বৰতহে মহাৰাসৰ আয়োজন কৰিছে। বেঙেনাআটী সত্ৰত ৰাস উৎসৱৰ মূল তিথিৰ দিনা গোবিন্দ মূৰ্তিক স্নান কৰাই পূজা কৰায়। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰয়ো ৩৫১ বছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি আধ্যাত্মিকভাৱে ৰাস মহোৎসৱ উদযাপন কৰিছে। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কেলীগোপাল নাটৰ আধাৰত বজ্ৰাৱলী ভাষাৰে আজিৰ পৰা ১৭ নৱেম্বৰলৈকে তিনিদিনীয়াকৈ কমলাকান্ত আতা ক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাসোৎসৱৰ বাবে সত্ৰ খনত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে পঞ্চাশৰ দশকতেই গড়মূৰ সত্ৰৰ অধিকাৰ, মুক্তিযোদ্ধা পীতাম্বৰ দেৱ গোস্বামীয়ে মাতৃভাষাত ৰাসলীলাৰ নাটক ৰচনা কৰি শাৰদীয় পূৰ্ণিমাত বংশীগোপাল নাট্য মন্দিৰত সহ অভিনয়ৰে আধুনিক মঞ্চ ৰাসৰ শুভাৰম্ভ কৰিছিল। পীতাম্বৰদেৱে ৰচনা কৰা ৰাসলীলা নাটক ভাগত মহাপুৰুষে কীৰ্তনৰ ৰাসলীলা খণ্ডত থকাৰ দৰে ভক্তিমাৰ্গত আত্ম সমৰ্পণ তথা দেহ অৰ্পণকেই ভক্তিৰ শেষ স্তৰ বুলি দেখুৱাই নিষ্কামভাৱে এই স্তৰত উপনীত হ’ব পাৰিলে ভক্তৰ ভগৱান প্ৰাপ্তি হয় বুলি প্ৰকাশ কৰি আধুনিক জগতৰ লগত খাপ খুৱাই সাহসেৰে সহ অভিনয়ৰ প্ৰচলন কৰি ৰাসলীলাৰ ভগৱৎ প্ৰাপ্তিৰ মহৎ আদৰ্শ দৰ্শকৰ আগত দাঙি ধৰি সেই দিশত সফল হৈ এক আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ইফালে গড়মূৰীয় সত্ৰাধিকাৰ পীতাম্বৰ গোস্বামীদেৱে আৰম্ভ কৰা মঞ্চ ৰাসৰ পৰম্পৰা লাহে লাহে আন ঠাইলৈও বিয়পিব ধৰিলে। পৰৱৰ্তী সময়ত মাজুলীৰ এটি অন্যতম সাংস্কৃতিক অনুষ্ঠান কমলাবাৰী স্থিত মাজুলী মিলন সংঘতো ইয়াৰ প্ৰভাৱ পৰিল আৰু মিলন সংঘয়ো মঞ্চ ৰাসৰ আৰম্ভ কৰে।ইয়াৰ পৰৱৰ্তী সময়ত ১৯৬১ চনৰ পৰা পূব মাজুলীৰ বনগাঁও ৰংঘৰত একে আৰ্হিত ৰাসলীলা অনুষ্ঠিত কৰিবলৈ লয়। অৱশ্যে সত্ৰানুষ্ঠানৰ ভিতৰত মাজুলীৰ শ্ৰীশ্ৰীনতুন কমলাবাৰী সত্ৰৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কলা-কৃষ্টি সংঘ ১৯৬৬ চনতে প্ৰতিষ্ঠিত মাজুলীৰ সত্ৰানুষ্ঠানৰ দ্বিতীয় ৰংগ মঞ্চ য’ত তেতিয়াৰ পৰা বৰ্তমান পৰ্যন্ত ৰাসলীলা অনুষ্ঠিত কৰি আহিছে। অসমত গুৰুজনাই কেলিগোপাল নাট প্ৰদৰ্শনৰ পৰৱৰ্তী সময়ত মাজুলীৰ সত্ৰসমূহে নিজৰ নিজৰ সত্ৰত শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শনৰ পৰম্পৰা আৰম্ভ কৰে। ১৮৪০ চনৰ পৰা দক্ষিণপাট সত্ৰত ৰাসলীলা বা মহোৎসৱ প্ৰতিবছৰে তিনিদিনীয়াকৈ পালন কৰাৰ পৰম্পৰা অবিৰতভাৱে বৰ্তমানেও চলি আহিছে। দক্ষিণপাট সত্ৰৰ ত্ৰয়োদশ সত্ৰাধিকাৰ বৈকুন্ঠগামী বাসুদেৱ গোস্বামীয়ে ৰাসলীলাৰ এখনি নাটক ৰচনা কৰে আৰু ৰাসপূজাৰ লগতে এই নাটকখনি অভিনয়ৰ পৰম্পৰা আৰম্ভ কৰে। গড়মূৰ সত্ৰত মঞ্চাভিনয়ৰ যোগেদি ৰাসোৎসৱ উদযাপনৰ পিছৰে পৰা ক্ৰমে পৰৱৰ্তী কালত মাজুলীৰ বিভিন্ন ঠাইত মঞ্চ ৰাস অনুষ্ঠিত হ’বলৈ ধৰে। গুৰুজনাৰ কেলিগোপাল নাটৰ পৰা আৰম্ভ হৈ বৰ্তমান শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ যি মাতৃভাষা নাটৰ সৃষ্টি হ’ল এই নাটে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিলে। লাহে লাহে মাজুলীৰ অৰ্ধ শতাধিক ৰাস মঞ্চত ৰাসলীলা উদযাপনৰ পৰম্পৰা আৰম্ভ হ’ল। এইবাৰ মাজুলীৰ ৬৫টা ৰংগমঞ্চত তিনিৰ পৰা চাৰিটা দিন পৰ্যন্ত ৰাসলীলা আৰম্ভ হৈছে। মুঠতে এতিয়া শাৰদীয় প্ৰধান উৎসৱ ৰাসলীলাক লৈ নদীদ্বীপ মাজুলীয়ে ন ৰূপত প্ৰাণ পাই উঠিছে। অৱশ্যে উজনি মাজুলীৰ একাংশ ৰংগমঞ্চত কালিৰে পৰাই ৰাসলীলা আৰম্ভ হৈছে। ইফালে এইবাৰ মাজুলীৰ ৰাসোৎসৱত তিনি স্থানত মিছিং জনগোষ্ঠীয় লোকে মিছিং ভাষাত ৰাসলীলা অনুষ্ঠিত কৰাই মাজুলীৰ ৰাসোৎসৱক অধিক বৰ্ণিল কৰি তুলিছে। সেই অনুসৰি উজনি মাজুলী সাংস্কৃতিক ঐক্য মঞ্চই কালি ২নং কুঁহিয়াৰবাৰী গাঁৱত ৰাসলীলাৰ প্ৰথম ৰজনীত মিছিং জনগোষ্ঠীৰ লোকৰ দ্বাৰা মিছিং ৰাসলীলা অনুষ্ঠিত কৰে। ইয়াৰ উপৰি উজনি মাজুলী মিলন সংঘ আৰু জম্বোদচুক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মঞ্চতো মিছিং জনগোষ্ঠীৰ লোকে মিছিং ভাষাত ৰাসলীলাৰ মঞ্চস্থ কৰে। আনহাতে এইবাৰ উজনি মাজুলী সাংস্কৃতিক ঐক্য মঞ্চই আজি ৰাসোৎসৱৰ দ্বিতীয় ৰজনীত মহিলা ৰাস অনুষ্ঠিত কৰে। ইয়াৰ উপৰি শ্ৰীৰাম বনমালী, ৰতনপুৰ লাহন শ্ৰীমন্ত কৃষ্টি সংঘতো মহিলা ৰাস অনুষ্ঠিত হয়। ইয়াৰ উপৰিও মাজুলীৰ ৰাসৰ এইবাৰ অন্যতম আকৰ্ষণ হিচাপে কালি উজনি মাজুলী মিলন সংঘত শিশু ৰাস অনুষ্ঠিত হোৱাৰ লগতে কাইলৈ ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰ আৰু মূদৈবিল মিলনজ্যোতি ৰংগ মঞ্চত শিশু ৰাসৰ আয়োজন কৰিছে। মাজুলী জিলা প্ৰশাসনৰ প্ৰচেষ্টাত, মাজুলীৰ বিধায়ক ভুৱন গামৰ সহযোগত এইবাৰ মাজুলীৰ চৌদিশে ডেৰলাখ মাটিৰ চাকিৰে উজ্বলাই আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰা দৃষ্টিনন্দন পৰিৱেশে সকলোকে আকৰ্ষণ কৰিছে। ইফালে আজি মাজুলী জিলাত প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে। ইফালে ৰাসৰ দৰ্শনাৰ্থীৰ সুবিধা হোৱাকৈ নিমাতি ঘাটৰ পৰা অফলামূখ আৰু দক্ষিণপাট ঘাটেৰে প্ৰতি আধাঘণ্টাৰ মূৰে মূৰে চলাচল কৰা জাহাজ, ৰপেক্স আৰু মেৰাইন ইঞ্জিনৰ ব্যক্তিগত ফেৰীত ৰাসলীলাৰ উপভোগৰ বাবে অহা দৰ্শনাৰ্থীয়ে অভাৱনীয় ভিৰ কৰা পৰিলক্ষিত হৈছে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like