বিশেষ বাৰ্তা, ৩০ আগষ্ট : ভাৰতবৰ্ষই এতিয়া বিজ্ঞানৰ উন্নতিৰ জড়িয়তে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱস্থান কৰি বিশ্বৰ সন্মুখত নিজৰ নাম উজ্বলাই তুলিছে যদিও দেশৰ বহু অঞ্চলত কিন্তু উন্নয়নৰ প্ৰভাৱ কিন্তু একেবাৰে পৰা নাই। দেশে স্বাধীনতা লাভৰ আজি ৭৬টা বছৰ পাৰ হোৱাৰ পিছতো অসম ৰাজ্যৰ চুকে কোনে বহু ঠাইত আজিও গ্ৰামোন্নয়ন বিভাগৰ একো আঁচনিয়েই ঢুকি পোৱা নাই। লখিমপুৰ জিলাৰ ঢকুৱাখনা সমষ্টিৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰ্ষামুখ গাওঁ পঞ্চায়তৰ এলেকাৰ বালি চাপৰি আৰু গৰৈমাৰী গাঁও সংযোগী পথৰ সোৱণশিৰী নৈৰ এৰাসুঁতিত এখন দলং নথকাৰ বাবে কেইবাখনো গাঁৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হৈ আহিছে।বছৰ বছৰ ধৰি কন কন স্কুলীয়া শিক্ষাৰ্থীয়ে দৈনিক বিপদ সংকুলভাৱে টুলুঙা নাওৱেৰে ১১০ মিটাৰ দৈৰ্ঘ্যৰ প্ৰায় ৩০/৪০ ফুট গভীৰ পানীৰ সোৱণশিৰী নদীৰ এৰাসুঁতি পাৰ হৈ স্কুললৈ যাব লাগে।ভৰ বাৰিষাৰ সময়ত নদীৰ বুকুত পানী বেছি হ’লে বিদ্যালয়লৈ যোৱাৰ যাতায়ত বন্ধ হৈ পৰে শিক্ষাৰ্থীৰ।এই ঠাইত কন কন শিক্ষাৰ্থীৰ সুবিধাৰ্থে এখন দলং নিৰ্মাণৰ বাবে পঞ্চায়ত প্ৰতিনিধি, বিধায়কক বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও একো ফল ধৰা নাই।
প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি