শোণিতপুৰৰ বালিপৰা শিক্ষাখণ্ডৰ দীঘলী মধ্য ইংৰাজী বিদ্যালয়ত সম্বৰ্ধনা সভা
নিয়মীয়া বাৰ্তা, ১২ মেঃ শোণিতপুৰৰ বালিপৰা শিক্ষাখণ্ডৰ উদমাৰী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত দিঘলী মধ্য ইংৰাজী বিদ্যালয়ত আজি এখন সম্বৰ্ধনা সভা অনুষ্ঠান অনুষ্ঠিত হয়। জিলা পৰ্যায়ৰ কৃতি শিক্ষয়িত্ৰী বঁটাপ্ৰাপক দীঘলী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰোহিণী বৰাক আজি বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়। বিদায়ী সভাখনত সভাপতিত্ব কৰে দীঘলী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি, সমাজকৰ্মী কমিছন মিলিয়ে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদমাৰী মণ্ডল সমল কেন্দ্ৰৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক শিশুৰঞ্জন গগৈয়ে শিক্ষামূলক সাৰুৱা ভাষণ আগবঢ়ায়। তেখেতে বিদায়ী শিক্ষয়িত্ৰী ৰোহিণী বৰাৰ কৰ্মময় জীৱন সম্পৰ্কে আলোকপাত কৰাৰ লগতে বিদ্যালয়খনলৈ তেখেতে আগবঢ়োৱা শৈক্ষিক, সাংস্কৃতিক অৱদানৰ বিষয়ে উল্লেখ কৰে। লগতে ৰোহিণী বৰাই সাহিত্য জগতলৈ আগবঢ়োৱা বৰঙনি হিচাপে শিশু গল্প পুথি ‘বৰঘূলিত দুপৰীয়া’ সমগ্ৰ বালিপৰা অঞ্চলৰ এক গৌৰৱ বুলিও উল্লেখ কৰে। একেদৰে, উপস্থিত ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি গঠনমূলক ভাষণ আগবঢ়ায় বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা বালিপৰা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰুণ চন্দ্ৰ বৰাই। বিদ্যালয়খনৰ প্ৰধান শিক্ষক টুকবাহাদুৰ লিম্বুৱে প্ৰতিষ্ঠাকালৰে পৰা একেলগে শিক্ষকতা কৰা ৰোহিণী বৰাৰ জীৱনজোৰা অৱদানৰ বিষয়ে কৃতজ্ঞতাৰে সোঁৱৰণ কৰে । বিদায়ী শিক্ষয়িত্ৰীগৰাকীলৈ সম্বৰ্দ্ধনা আগবঢ়ায় বিদ্যালয় শিক্ষক গোট আৰু বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয়ৰ হিন্দী শিক্ষয়িত্ৰী ৰমা ছেত্ৰীৰ তত্বাৱধানত বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা, লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক, চতুৰ্থ বৰ্গৰ কৰ্মীসকলৰ লগতে মণ্ডল সমল কেন্দ্ৰৰ তৰফৰ পৰা মানপত্ৰ, গামোচা ইত্যাদিৰে সম্বৰ্দ্ধনা জনোৱা হয়। সভাত বিশিষ্ট সমাজসেৱক তথা বিদ্যালয়ৰ প্ৰাক্তন সভাপতি ৰমেশ কুৰ্মী, সভানেত্ৰী মিলন মণ্ডল, যুৱ লেখিকা উপাসনা বৰা আৰু বিদ্যালয়ৰ শিক্ষক টুক বাহাদুৰ লিম্বু, শিক্ষক প্ৰৱীণ কোঁৱৰ আৰু ৰবি মণ্ডল আদি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল বৰা