নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৪ লোকসভা নির্বাচনত পঞ্জীয়নভুক্ত ভোটাৰ ৯৬.৮৮ কোটি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ ২০২৪ৰ লোকসভা নির্বাচনৰ দিন ঘোষণা কৰিবলৈ এতিয়াও বাকী আছে যদিও ইতিমধ্যে দেশৰ ৰাজনৈতিক দলসমূহৰ মাজত নির্বাচনৰ কুচকাৱাজ দ্রুতগতিত চলিছে৷ নির্বাচন আয়োগেও লোকসভা নির্বাচনক লৈ পৰিকল্পনা সাজু কৰিছে৷ যিকোনো মুহূর্ততে লোকসভা নির্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা প্রকট হৈ আছে৷ তেনে মুহূর্ততে মহাৰাষ্ট্রৰ পুনেত মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে এখন সংবাদ মেল সম্বোধন কৰি ২০২৪ চনৰ লোকসভা নির্বাচনৰ ভোটদাতাৰ সংখ্যা ব্যাখ্যা কৰে৷ বিগত ২০১৯ চনৰ তুলনাত এইবেলি লোকসভা নির্বাচনত ভোটাৰৰ সংখ্যা ৬ শতাংশ বৃদ্ধি পাইছে৷ নির্বাচনত ভোটদানৰ বাবে পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা ৯৬.৮৮ কোটি৷ এই ভোটাৰৰ ভিতৰত দুই কোটিতকৈ অধিক যুৱ ভোটাৰ আছে৷ ১৮ বছৰৰ পৰা ২৯ বছৰৰ ভিতৰত দেশত ভোটাৰৰ সংখ্যা ২ কোটিতকৈ অধিক৷ মুখ্য নির্বাচন আয়ুক্ত কুমাৰে প্রকাশ কৰা মতে এইবেলি নির্বাচনত পূর্বৰ তুলনাত লিংগৰ অনুপাত হ্রাস পাইছে৷ প্রতি হাজাৰ পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৯৪৮৷ ২০২৩ চনত প্রতি হাজাৰ পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰ আছিল ৯৪০৷ সমাগত নির্বাচন যাতে নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি কয় ৰাজীৱ কুমাৰে৷ প্রতিটো পর্যায়তে ৰাজনৈতিক দলসমূহৰ অংশগ্রহণ যাতে নিয়ম অনুযায়ী হয় তাৰ বাবেও ৰাজনৈতিক দলসমূহক আহ্বান জনায় মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে৷ উল্লেখ্য যে মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে লোকসভা নির্বাচনৰ দিন কেতিয়া ঘোষণা কৰিব সেই সন্দর্ভত একো ব্যক্ত কৰা নাই যদিও তথ্য মতে মার্চ মাহৰ দ্বিতীয় পষেক অর্থাৎ ১০ মার্চত দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ শাসকীয় বিজেপি দলেও ইতিমধ্যে নির্বাচন আগতীয়াকৈ অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে বুলি সময়ে সময়ে উল্লেখ কৰি আহিছে৷

You might also like