নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিঁয়াজ কটাক লৈ অশান্তি ! আত্মৰক্ষাৰ বাবে প্রেমিকাক হত্যা

বিশেষ বাৰ্তা, ১০ ফেব্রুৱাৰী : ভুল পদ্ধতিত পিঁয়াজ কটা বাবে প্রেমিকাই ছুৰী লৈ আক্রমণৰ বাবে খেদি আহিছিল বৃদ্ধক৷ কিন্তু আত্মৰক্ষা কৰিবলৈ ওলোটাই প্রেমিকাক আক্রমণ চলায় বৃদ্ধই৷ ছুৰীৰ আঘাতত মৃত্যু হয় প্রেমিকাৰ৷ আমেৰিকাৰ ইণ্ডিয়ানাত সংঘটিত হৈছে এই ঘটনা ৷ আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, বৃদ্ধই প্রেমিকাক হত্যা কৰাৰ পিছত ঘটনাক অন্য ৰূপ দিছে৷ ইতিমধ্যে বৃদ্ধজনক গ্রেপ্তাৰ কৰা হৈছে৷ মৃত মহিলাগৰাকীৰ নাম মার্ছিয়া লিংছি আৰু অভিযুক্তৰ নাম চালর্ছ মাইকেল কাৰভার্ট৷

You might also like