নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমত পৰিছে নেকি এই পাঁচ ৰাশিচক্ৰৰ লোকৰে… তেন্তে সাৱধানে আগবাঢ়ক!

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ প্ৰেম বিশ্বাসৰ ভেটিত গঢ়া এখন বাগিচাৰ দৰে। সুন্দৰ অনুভৱৰ এই বাগিচাও শুকাই যাব পাৰে সন্দেহ বা অবিশ্বাসৰ প্ৰাদুৰ্ভাৱৰ বাবে। এনেক্ষেত্ৰত ভাগ্যই কিবা প্ৰভাৱ পেলাব পাৰে নেকি?

হয় ৰাশিচক্ৰৰ চিহ্নই এই দিশত আপোনাক কিছু উমান দিব পাৰে। দেশৰ শীৰ্ষৰ ৱেবছাইট পিংক ভিলাই কৰা এটা অধ্যয়ন অনুসৰি ৰাশিচক্ৰৰ পাঁচটা এনে চিহ্ন আছে, যিয়ে আপোনাৰে সম্পৰ্কিত কোনো ব্যক্তিৰ প্ৰতাৰণাৰ আশংকা ব্যক্ত কৰে।

 

গুৱাহাটীত নির্মাণ নহয় টুইন টাৱাৰ

মীনঃ (ফেব্ৰুৱাৰী ১৯-মাৰ্চ ২০)

প্ৰতাৰণা কৰাৰ প্ৰবল সম্ভাৱনা থকা এটা ৰাশি হল মীন। এই ৰাশিৰ লোকসকল অতি সংবেদনশীল, সৃজনী শক্তিৰ অধিকাৰী আৰু অতি আৱেগিক। কিন্তু কোনো সময়ত মেজাজ বেয়া থকিলে অতি বেয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে অথচ সংগীক তেওঁ আঘাত দিবও নিবিচাৰে। কিন্তু এনে মনস্তাত্ত্বিক কাৰণতে এই ৰাশিৰ লোকে প্ৰতাৰণা কৰাৰ আশংকা থাকে আৰু সম্পৰ্কত ফাট মেলাৰ আশংকা থাকে।

মিথুনঃ (২১ মে’-২০ জুন)

মিথুন ৰাশিৰ লোকসকল সহনশীল আৰু সহজ-সৰল। মানুহৰ সংগ ভাল পায় আৰু সামাজিক। এনে কাৰণতে তেওঁক চকু দিয়া দৰকাৰ। যদি তেওঁক নজৰত ৰখা নহয়, তেওঁ আপোনাৰ পৰা আঁতৰি যাব পাৰে, কিয়নো তেওঁৰ থাকে বহু বিকল্প আৰু সহজ-সৰল বাবে বহুতৰ চকু তেওঁৰ ওপৰত থাকে।

কুম্ভঃ (জানুৱাৰী ২০-ফেব্ৰুৱাৰী ১৮)

অতি শান্ত আৰু ভাবুক শ্ৰেণীৰ লোক এই ৰাশিৰ লোকসকল। গতিকে স্বাভাৱিকতে এওঁলোক দূৰদৰ্শী। প্ৰেমৰ আৱেশ কম হ’লেই এই ৰাশিৰ জাতক-জাতিকাই আপোনাক কৰিব পাৰে প্ৰতাৰণা।

ধনুঃ (নৱেম্বৰ ২২-ডিচেম্বৰ ২১)

এওঁলোক কিছু বহেমিয়ান চৰিত্ৰৰ হয়। মুহূৰ্তৰ বাবে বাচি থকাটোৱে তেওঁলোকৰ বাবে সাৰ্থকতা। এনে অস্থিৰ আত্মাৰ জাতক-জাতিকাক নিয়ন্ত্ৰণৰ চেষ্টা কৰা মানে আপুনি প্ৰতাৰণাৰ সন্মুখীন হোৱা। এওঁলোক স্বাধীনমনা আৰু সম্পৰ্ক চ্ছেদ নকৰাৰ বাবে স্বাধীনতা দিয়াটোৱেই শ্ৰেয়।

মকৰঃ (ডিচেম্বৰ ২২-জানুৱাৰী ১৯)

মকৰ ৰাশিৰ লোকসকল সদায়ে এটা সম্পৰ্কক লৈয়ে সুখী। সুখ, অবিচল প্ৰেম আৰু সমৰ্থন তেওঁলোকৰ কাম্য। কিন্তু এটা সম্পৰ্কত বিশ্বাসী এই লোকসকলে এটা সম্পৰ্কতে সকলোখিনি বিচাৰে। তাতেই আহিব পাৰে বিপদ। কিয়নো সকলোখিনি পোৱাত অসুবিধা হ’লে তেওঁ আপোনাক কৰিব পাৰে প্ৰতাৰণা।

You might also like