নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত নির্মাণ নহয় টুইন টাৱাৰ

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্যিক সম্পর্ক গঢ়াৰ লক্ষ্যৰে গুৱাহাটীক হাব হিচাপে লৈ ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্রহণ কৰা পদক্ষেপসমূহ ফুটুকাৰ ফেনত পৰিণত হৈছে৷ বিশেষকৈ উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ চৰম গুৰুত্বহীনতা তথা অদূৰদর্শিতাৰ ফলতে বাণিজ্যিক উজ্জীৱনৰ সলনি অসম এতিয়া স্থবিৰ হোৱাৰ দিশেহে আগবাঢ়িছে৷ এনে স্থবিৰতা শেহতীয়াকৈ স্পষ্ট হৈ পৰিল গুৱাহাটীত নির্মাণ হ’বলগা টুইন টাৱাৰৰ অনিশ্চয়তাক লৈ৷
উল্লেখ্য যে ২০১৮ চনৰ ফেব্রুৱাৰী মাহতে গুৱাহাটীক দক্ষিণ–পূব এছিয়াৰ বাণিজ্যিক হাব হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৬৫ মহলীয়া এক বিশাল টুইন টাৱাৰ নির্মাণৰ সিদ্ধান্ত লৈছিল৷ ট্রেড চেণ্টাৰ হিচাপে চিহ্ণিত হ’বলগা এই টুইন টাৱাৰৰ নির্মাণকার্য অহা ৫ বছৰত সম্পূর্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছিল৷ কিন্তু এই লক্ষ্যত শেহতীয়াকৈ যতি পৰিছে৷ কিয়নো ট্রেড চেণ্টাৰটো নির্মাণৰ বাবে চুক্তিবদ্ধ হোৱা নেচনেল বিল্ডিংছ কনষ্ট্রাকচন কর্প’ৰেচন, চমুকৈ এনবিচিচিয়ে এই চুক্তিৰ পৰা আঁতৰি আহিছে৷ ৬৫ মহলীয়া এই টুইন টাৱাৰ নির্মাণৰ দায়িত্বত থকা অসম ঔদ্যোগিক উন্নয়ন নিগমে (এআইডিচি) শেহতীয়াকৈ টুইন টাৱাৰ নির্মাণৰ বাবে অন্য প্রতিষ্ঠানৰ সন্ধানত নামি পৰিছে৷ আনকি, নতুন প্রতিষ্ঠানৰ সৈতে চুক্তি স্বাক্ষৰৰ বাবে বিজ্ঞাপনো প্রকাশ কৰিছে৷ জানিব পৰা মতে, টুইন টাৱাৰ নির্মাণৰ মূল লক্ষ্য আৰু উদ্দেশ্য এনবিচিচিয়ে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় মাধ্যমত দাঙি ধৰাত চূড়ান্তভাৱে ব্যর্থ হোৱাৰ বাবে এই ট্রেড চেণ্টাৰটো নির্মাণৰ ক্ষেত্রত আন প্রতিষ্ঠানৰ সহায় বিচাৰিছে এআইডিচিয়ে৷

তৰুণ গগৈৰ মিত্রতাৰ প্রস্তাৱক হাস্যকৰ আখ্যা আছুৰ

উল্লেখ্য যে প্রায় ২,০০০ কোটি টকা ব্যয় হ’ব লগা এই বৃহৎ টুইন টাৱাৰটো নির্মাণৰ জৰিয়তে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্যিক ক্ষেত্রত এক বৈপ্লৱিক পৰিৱর্তন অনাৰ লক্ষ্য বান্ধি লোৱা হৈছিল৷ কিন্তু যোৱা সময়ছোৱাত ভূমি আবণ্টনৰ বাহিৰে এইক্ষেত্রত কোনো এটা পদক্ষেপেই গ্রহণ নকৰিলে উদ্যোগ আৰু বাণিজ্যিক বিভাগে৷ সততে টুইন টাৱাৰক লৈ বিভিন্ন মঞ্চত উচ্চস্বৰে ভাষণ দি থকা উদ্যোগ–বাণিজ্যিক মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়েও টুইন টাৱাৰটো নির্মাণৰ ক্ষেত্রত যোৱা আঢ়ৈ বছৰে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰিলে৷ যাৰ ফলত ২০১৮ চনৰ পৰা আজিলৈকে নির্মাণ হ’বলগা স্থলীত এচপৰা ইটাও নপৰিল৷ উল্লেখ্য যে ২০১৮ চনৰ ফেব্রুৱাৰী মাহত কেন্দ্রীয় নগৰ উন্নয়ন মন্ত্রী হৰদীপ সিং পুৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ সৈতে এনবিচিচিৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল৷ এই চুক্তিৰ জৰিয়তে ট্রেড চেণ্টাৰটোত সম্পূর্ণ নির্মাণৰ ব্যয় এনবিচিচিক আদায় কৰি লোৱাৰ দায়িত্ব দিয়া হৈছিল৷ অসম চৰকাৰে কেৱল ৩২ বিঘা ভূমি আৰু প্রাৰম্ভিক ব্যয় হিচাপে ১৮০ কোটি টকা আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছিল৷ ইয়াৰ বিনিময়ত টুইন টাৱাৰৰ ৪০ শতাংশ ঠাই ৰাজ্য চৰকাৰৰ অধীনত থাকিব৷ সেইমর্মে বাকী ৬০ শতাংশ ঠাই এনবিচিচিয়ে ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় প্রতিষ্ঠানক ভাৰা অথবা লীজত এৰি দিব৷ কিন্তু বিগত আঢ়ৈ বছৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ গুৰুত্বহীনতাৰ বাবে এনবিচিচিয়ে এইক্ষেত্রত এটাও পদক্ষেপ গ্রহণ নকৰিলে৷ যাৰ বাবে টুইন টাৱাৰ নির্মাণক লৈ অনিশ্চয়তা সৃষ্টি হোৱাই নহয়, অদূৰ ভৱিষ্যতে এই ট্রেড চেণ্টাৰটো নির্মাণৰ ক্ষেত্রত যে চৰম খেলিমেলিৰ সৃষ্টি হ’ব, সেয়া স্পষ্ট হৈ পৰিছে৷ শেহতীয়াকৈ এইক্ষেত্রত সৃষ্টি হোৱা অনিশ্চয়তাৰ বাবে এনবিচিচিয়ে এই চুক্তিৰ পৰা আঁতৰি অহাৰ বাবে এআইডিচিয়ে নতুনকৈ নির্মাণ প্রতিষ্ঠানৰ সন্ধানত নামি পৰিছে যদিও এইক্ষেত্রত এতিয়ালৈ কোনো সঁহাৰি লাভ কৰা নাই৷

 

অবৈধ প্রেমিকাৰ হাততে প্রাণ গৈছিল সাংবাদিক ব্রীজেন দ্বীপৰ

You might also like