নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সভ্যতাক নিয়ন্ত্ৰণ কৰিছে ধৰ্ম আৰু দৰ্শনে : দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ এপ্ৰিলঃ শ্রীঅৰবিন্দৰ দৰ্শনৰ কথা বুজিবলৈ হ’লে আমি প্রথমে নিজকে ৰূপান্তৰ কৰিব লাগিব। ভাৰতীয় সভ্যতাক নিয়ন্ত্ৰণ কৰিছে ধৰ্ম আৰু দৰ্শনে। দর্শনে ধর্মক আলোকিত কৰাৰ বিপৰীতে দৰ্শন ধৰ্মৰ দ্বাৰা সক্ৰিয় হৈছে। ভাৰতীয় ধর্ম আৰু দর্শন অনুভূতিজাত। ভাৰতৰ সকলো বস্তুকে ধর্ম আৰু দর্শনে নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে যুক্তিবাদী মন, বহির্মুখী বুদ্ধি, ব্যৱহাৰিক জ্ঞানৰ দ্বাৰাহে পাশ্চাত্য সংস্কৃতি প্রভাবিত। নামনি অসমৰ ঐতিহ্যমণ্ডিত বি. এইচ্, কলেজত অনুষ্ঠিত ‘শ্রী অৰবিন্দৰ দৃষ্টিৰে সংস্কৃতিত ধৰ্ম আৰু দৰ্শন: ভাৰত আৰু পশ্চিমৰ উল্লিখন’ শীর্ষক আজি অনুষ্ঠিত এক মনোগ্রাহী বক্তৃতা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ঋষি অৰবিন্দৰ ধ্যান ধাৰণাৰে পৰিপুষ্ট ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলনৰ অধ্যাপক দিগন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে। বি. এইচ. কলেজৰ দৰ্শন বিভাগৰ উদ্যোগত আৰু গণেশ লাল চৌধুৰী মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহযোগত অনুষ্ঠিত বক্তৃতানুষ্ঠানত সভাপতিত্ব কৰে বি. এইচ. কলেজৰ অধ্যক্ষ ড° ভূষণ চন্দ্র পাঠকে। সমজুৱাৰ প্ৰশ্নৰ উত্তৰত শৰ্মাই লগতে কয় যে, নর প্রজন্মই পাশ্চাত্য সংস্কৃতিৰ মায়াজালত অন্ধ হোৱাৰ মূলতে দায়ী অভিভাৱক, প্রচলিত শিক্ষা ব্যৱস্থা আৰু আমাৰ সমাজ। বি. এইচ, কলেজৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক ড° আবু ছায়েম চিদ্দিকীয়ে আঁত ধৰা বক্তৃতানুষ্ঠানৰ প্ৰাৰম্ভতে দৰ্শন বিভাগৰ সহকাৰী অধ্যাপিকা ড° ধীৰা ভট্টাচাৰ্যই দিগন্ত বিশ্ব শৰ্মাৰ জীৱন আৰু কৃতিৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়।

You might also like