নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞা মুছলমানৰ ভোটৰ স্বাৰ্থত হিন্দু ধৰ্মক টাৰ্গেট ভূপেন বৰাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ এপ্ৰিলঃ শ্ৰীকৃষ্ণক জেহাদী বুলি কোৱাৰ পাছত এইবাৰ মা দুৰ্গাক টাৰ্গেট কৰি ল’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। মা দুৰ্গা সন্দৰ্ভত ভূপেন বৰাৰ বিতৰ্কিত মন্তব্যই জোকাৰিছে ৰাজ্য। বাৰে বাবে হিন্দু ধৰ্মক ভূপেন বৰাই আক্ৰমণৰ লক্ষ্য কৰি লোৱাত সম্প্ৰতি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বহুতেই এতিয়া লেই-লেই চেই-চেই কৰিছে কাণ্ডজ্ঞানহীন এইগৰাকী নেতাক। গৰিহণাৰ পাত্ৰ হৈ পৰিছে ভূপেন বৰা। তেওঁৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সনাতনী হিন্দু ধৰ্মাৱলম্বী লোকৰ লগতে ভক্তপ্ৰাণ ৰাইজ। মিঞা মুছলমানৰ স্বাৰ্থত ভূপেন বৰাই এনেদৰে বাৰে বাৰে হিন্দু ধৰ্মক টাৰ্গেট কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশই। হিন্দু ধৰ্ম যেন শত্ৰু ভূপেন বৰাৰ কাৰণে! পূৰ্বে শ্ৰীকৃষ্ণক জেহাদী বুলি কৈ হিন্দু ধৰ্মক অপমান কৰিছিল ভূপেন বৰাই৷ সেইবাৰ সনাতনী হিন্দু ধৰ্মৰ আৰাধ্য দেৱতা ভগৱান শ্ৰীকৃষ্ণক জেহাদী সজাই ৰাইজৰ ৰোষত পৰি ক্ষমা খুজি তৎ পোৱা নাছিল তেওঁ। লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতে নগাঁৱত হিন্দু ধৰ্মৰ শক্তিৰ আৰাধ্যা দেৱী মা দুৰ্গা সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। সভাত বিজেপিৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাক আক্ৰমণ কৰিবলৈ গৈ ভূপেন বৰাই মা দুৰ্গাক ভেঙুচালি কৰি বক্তব্য প্ৰদান কৰে। তেওঁ কয় যে দুৰ্গা পূজাত আগতে ছাগলী বলি দিয়া প্ৰথা আছিল। দুৰ্গা পূজাত বলি দিবলৈ কিছুমানে যেনেকৈ ছাগলীটো টানি টানি লৈ যায়, ঠিক তেনেকৈ নগাঁও লোকসভা নিৰ্বাচনত বিজেপিয়ে সুৰেশ বৰাক ছাগলীৰ দৰে বলিশাললৈ টানি আনিছে বুলি মন্তব্য কৰে। তদুপৰি তেওঁ কোনো বিজেপিৰ নগাঁৱত পদুম ফুলৰ চিনত খেলিবলৈ সাহস নাই বুলি মন্তব্য কৰে। তেওঁৰ এনে মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে নলবাৰীৰ বেলশৰৰ বিলেশ্বৰ দেৱালয়ৰ দলৈ তথা অসম দেৱালয় সংঘৰ উপাধ্যক্ষ ৰঞ্জিত মিশ্ৰ। আজি বিলেশ্বৰ দেৱালয়ৰ দলৈ তথা অসম দেৱালয় সংঘৰ উপাধ্যক্ষগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দলৰ এজন মুৰব্বীৰ মুখত এনেকুৱা ভাষা শোভা নাপায়। ক’বলৈ গ’লে তেৱেঁ কংগ্ৰেছ দলটোক বেছিকৈ ডুবাইছে। তেওঁৰ কথা-বতৰাত আমাৰ মঠ-মন্দিৰ, ভক্তপ্ৰাণ সকলোৰে মাজত তীব্ৰ প্ৰতিক্ৰিয়া হৈছে। যাৰ বাবে আমি তেওঁৰ বিৰুদ্ধে কথা ক’বলগীয়া হৈছে। অসমতে থাকি, ভাৰততে থাকি মিঞা মুছলমানৰ স্বাৰ্থত ভূপেন বৰাই সনাতনী হিন্দু ধৰ্মক তুচ্চ-তাচ্চিল্য কৰি আমাক বাধ্য কৰালে সন্মুখলৈ ওলাই অহাৰ কাৰণে। দলৈগৰাকীয়ে ভূপেন বৰাই সুৰেশ বৰা সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি কয় যে তেওঁ সুৰেশ বৰাক ছাগলীৰ দৰে টানি বলিশাললৈ অনাৰ কথা কৈ ভগৱানক তুচ্চ-তাচ্চিল্য কৰিছে। ভূপেন বৰাই ইয়াৰ বাবে ক্ষমা খুজিব লাগে বুলি তেওঁ কয়। তেওঁ অসমৰ মঠ-মন্দিৰৰ ওচৰত, ভগৱানৰ ওচৰত ভূপেন বৰাক ক্ষমা খুজিবলৈ দাবী জনায়। নগাঁৱত ভূপেন বৰাই সুৰেশ বৰাক ছাগলীৰ দৰে বলিশাললৈ টানি অনাৰ কথা যি ভংগীমাৰে প্ৰকাশ কৰিছিল সেই ভংগীমাটো লজ্জাজনক বুলি ক্ষোভেৰ প্ৰকাশ কৰে দলৈগৰাকীয়ে। এনেধৰণৰ বক্তব্যৰ বাবে ভূপেন বৰা চিৰদিনৰ বাবে ৰাজনৈতিক পথাৰখনৰ পৰা নিঃছিহ্ন হৈ যাব বুলি তেওঁ মন্তব্য কৰে। ভৱিষ্যতে তেওঁ ভূপেন বৰাক সনাতনী হিন্দু তথা হিন্দু ধৰ্মৰ দেৱ-দেৱীক লৈ এনেধৰণৰ মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে। দলৈগৰাকীয়ে ভূপেন বৰাক প্ৰথমে দেৱ-দেৱীৰ মঠ-মন্দিৰসমূহলৈ গৈ বেদ-উপনিষদসমূহ পঢ়ি জ্ঞান অৰ্জন কৰিবলৈ আহ্বান জনায়, তাৰ পিছত ভূপেন বৰাক ৰাজনীতিৰ পথাৰখনত নামিবলৈ তেওঁ আহ্বান জনায়। স্মৰ্তব্য যে, কিছুদিন পূৰ্বে শ্ৰীকৃষ্ণক জেহাদী বুলি কৈ ক্ষমা খুজি তৎ পোৱা নাই নাছিল ভূপেন বৰাই৷ সনাতনী হিন্দু ধৰ্মৰ উপাস্য দেৱতা তথা সতী গান্ধাৰীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি ৰাজ্যবাসীৰ চৰম গঞ্ছনাৰ সন্মুখীন হৈছিল ভূপেন বৰা৷ সত্ৰাধিকাৰ, ভকত বৈষ্ণৱ, ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ উপৰি নিজ দলৰ মজিয়াতে গৰিহণাৰ পাত্ৰ হৈছিল ভূপেন বৰা৷ ইয়াৰ বাবে তেওঁ নাওবৈচাৰ চিলনীবাৰীৰ নিজা গাঁৱৰ নামঘৰত শৰাই আগবঢ়াই ভকত-বৈষ্ণৱৰ সন্মুখত প্ৰায়শ্চিত হ’ব লগা হৈছিল। সপত্নীক নামঘৰত ভকত-বৈষ্ণৱৰ শৰণাপন্ন হৈ ক্ষমা খুজিবলৈ বাধ্য হৈছিল এইগৰাকী ভূপেন বৰা। তথাপি যেন অকণো শিক্ষা হোৱা নাই এইগৰাকী নেতাৰ।

You might also like