অজান দেশলৈ ‘নামঘৰীয়া’ অতুলানন্দ গোস্বামী; যোৰহাট ৰংদৈত শোকৰ ছাঁ
নিয়মীয়া বাৰ্তা, ২৭জুলাই : বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান। GMCHত শেষ নিশ্বাস ত্যাগ কৰে নামঘৰীয়াৰ স্ৰষ্টাজনে। উত্তৰ যোৰহাট ৰংদৈ ককিলা আধাৰ সত্ৰত জম্ম গ্রহণ কৰা এক স্বকীয় শৈলীৰে অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰা বিশিষ্ট ঔপন্যাসিক,গল্পকাৰ আৰু অনুবাদক অতুলানন্দ গোস্বামীৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ বিভিন্ন স্থানৰ লগতে সাহিত্যকগৰাকী জন্মস্থান ৰংদৈ অঞ্চলতো শোকৰ ছাঁ পৰে৷ যোৰহাটৰ ৰংদৈৰ দৰে ভিতৰুৱা অঞ্চল ককিলা আধাৰ সত্ৰত জন্মগ্ৰহণ জন্মগ্ৰহণ কৰা স্বনামধন্য ব্যক্তিজনে অসমীয়া সাহিত্য জগতলৈ যথেষ্টখিনি অৱদান দি থৈ যায়৷ বিভিন্ন ভাষালৈ অসমীয়া সাহিত্য অনুবাদ আৰু বিভিন্ন সাহিত্য পৰা অসমীয়ালৈ অনুবাদ কৰি অসমীয়া সাহিত্য ভৰাল চহকী কৰি যোৱা অতুলানন্দ গোস্বামী অসমীয়া সাহিত্য জগতৰ এজন প্ৰসিদ্ধ গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক। তেখেতে ৰচনা কৰা “চেনেহ জৰীৰ গাঁথি” নামৰ উপন্যাসৰ বাবে ২০০৬ বৰ্ষত সাহিত্য অকাডেমি বঁটা, “নামঘৰীয়া” নামৰ এখন উপন্যাস গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ধাৰাবাহিক ৰূপে প্ৰচাৰ কৰিছিল। অনুবাদক হিচাপে প্ৰধানকৈ অসমীয়া ভাষাৰ পৰা ইংৰাজী, বাংলা, ওড়িয়া আৰু সেই ভাষা সমূহৰ পৰা অসমীয়ালৈ ভাঙনি কৰিছিল। ইয়াৰ উপৰিও তেখেত কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদকৰ পদত অধিষ্ঠিত আছিল।
সাহিত্যিক অৱদান– হামদৈ পুলৰ জোন (১৯৬৬),গল্প (১৯৬৭),চেনেহ জৰীৰ গাঁথি (২০০৫),ৰাজপাট (১৯৭৬),পলাতক (১৯৮৩),
আশ্ৰয় (১৯৯৩),নামঘৰীয়া (১৯৮৯),নিগ্ৰো কাপল ইন ছাৰ্চ অৱ শিৱ,(১৯৯৪)
ইংৰাজী গল্প-সংকলন।
অনূদিত গ্ৰন্থঃ গুডবাই মিঃ ছিপছ (মূল: জেমছ হিল্ম),পিতা-পুত্ৰ(মূল: টি. এছ. পিল্লাই),শ্বেতপদ্মা আৰু বনহংসী (মূল: প্ৰাণবন্ধু কৰ আৰু মনোজ কুমাৰ)
‘নামঘৰীয়া’, ‘চেনেহজৰীৰ গাঁথি’, ‘হামদৈ পুলৰ জোন’ আদিৰ বহু স্ৰষ্টা সাহিত্যজগতলৈ চিৰস্থায়ী অৱদান দি থৈ যোৱা সাহিত্যিকগৰাকীৰ মৃত্যুত অসমীয়া সাহিত্য জগতৰ অপূৰণীয় ক্ষতি হ’ল৷ এসময়ত ৰংদৈ দৰে বৰমুকলি পথাৰৰ কাষৰীয়া গ্ৰামাঞ্চলৰ জন্মগ্ৰহণ কৰি ওৰেটো জীৱন গ্ৰামাঞ্চলৰ ৰূপৰেখাক লৈ বহু সাহিত্য ৰচনা কৰা গোস্বামীয়ে অসম চৰকাৰৰ কৰ্মচাৰী হিচাপে অৱসৰ লৈছিল আৰু গুৱাহাটী হাতীগাৱত স্থায়ীকৈ থাকিবলৈ লোৱা সাহিত্যক গৰাকীৰ মৃত্যুৰ সময়ত এজন পুত্ৰ আৰু এগৰাকী কন্যা সংসাৰত এৰিথৈ যায়৷অন্যহাতে বিশিষ্ট ঔপন্যাসিক,গল্পকাৰ আৰু অনুবাদক অতুলানন্দ গোস্বামীৰ মৃত্যুত যোৰহাট সাহিত্য সভাই আজি গভীৰ শোক প্ৰকাশ কৰিছে । সাহিত্যকগৰাকীৰ মৃত্যু অসমীয়া সাহিত্য জগতৰ অপূৰণীয় ক্ষতি বুলি সভাই এক শোক বাৰ্তাত উল্লেখ কৰিছে । সভাৰ সভাপতি ড: দিপালী খাৰঘৰীয়া কলিতা আৰু সম্পাদক অজন্ত কুমাৰ বৰাই সাহিত্যগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাই পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।