নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“হৰ ঘৰ তিৰংগা”: পাখিমৰীয়া উন্নয়ন খণ্ডত ১৫,৫০০ জাতীয় পতাকা প্ৰস্তুতৰ লক্ষ্য মহিলা আত্মসহায়ক গোটৰ

নিয়মীয়া বাৰ্তা, ২৭জুলাই : দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে আজাদী কি অমৃত মহোৎসৱ আৰু আগন্তুক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি পুৰ্ণ গতিত আৰম্ভ হৈছে । কেন্দ্ৰীয় চৰকাৰে আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ইতিমধ্যে বিভিন্ন ধৰণৰ বৰ্ণিল কাৰ্যসূচী ৰূপায়ণ কৰিছে। তদুপলক্ষে সমাগত স্বাধীনতা দিৱসত ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উৰুৱাবলৈ চৰকাৰে দেশৰ প্ৰতিঘৰ আৱাসীলৈ আহ্বান জনাইছে । ইয়াকে লৈ ৰাজ্য চৰকাৰখনো ইতিমধ্যে ব্যাপক তৎপৰ হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ৰাজ্যখনৰ প্ৰতিঘৰ নাগৰিকৰ পদূলিয়ে পদূলিয়ে ত্ৰিৰংগা পতাকা উৰুৱাবলৈ আহ্বান জনাইছে । ইয়াৰ অংশৰূপে নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ মুঠ ৮ টা পঞ্চায়ত এলেকাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত প্ৰতিটো মণ্ডল সংগঠনৰ প্ৰায় ১০,৬০০ গৰাকী মহিলাই প্রতিটো পঞ্চায়তৰ অঞ্চলসমূহৰ ১৫,৫০০ লোকৰ ঘৰে ঘৰে গৈ ত্ৰিৰংগা পতাকা তেওঁলোকৰ হাতত তুলি দিবলৈ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ আটাইকেইটা মণ্ডল সংগঠনৰ তৎপৰতাত গ্ৰাম্য সংগঠনৰ মহিলা আত্মসহায়ক গোটৰ এইসকল মহিলাই সৰু- বৰ ত্ৰিৰংগা পতাকা তৈয়াৰ কৰি অতি কম মূল্যত অঞ্চলটোৰ ঘৰে ঘৰে ত্ৰিৰংগা পতাকা প্ৰতিটো পৰিয়ালক তুলি দিয়াৰ লগতে সহজতে ত্ৰিৰংগা পতাকা গাঁৱৰ ৰাইজে ক্ৰয় কৰিব পৰাকৈ তাৰ বাবে কেইবাখনো ত্ৰিৰংগা বিক্ৰী বিপনী খোলি ত্ৰিৰংগা পতাকা বিক্ৰীৰ ব্যৱস্থা হাতত লৈছে ।

আনহাতে অঞ্চলবোৰৰ শিক্ষানুষ্ঠান, অনুষ্ঠান, প্ৰতিষ্ঠানত, ব্যৱসায় প্ৰতিষ্ঠানত অতি কম মূল্যত ত্ৰিৰংগা পতাকা দিয়াৰ ব্যৱস্থা লৈছে পাখিমৰীয়া উন্নয়ন খণ্ডৰ তৰফৰ পৰা । এই সন্দৰ্ভত পাখিমৰীয়া খণ্ড উন্নয়ন বিষয়া দীনেশ পেগুয়ে জানিবলৈ দিয়া অনুসৰি- দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলনৰ যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে তাক লৈ আমি আনন্দিত । চৰকাৰৰ নিৰ্দেশমৰ্মে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানক যি দায়িত্ব অৰ্পণ কৰিছে , সেই অনুসৰি গ্ৰামাঞ্চলত কম মূল্যত সহজতে ত্ৰিৰংগা পতাকা প্ৰতিটো পৰিয়ালে লাভ কৰিব পাৰে তাৰ বাবে আমি ত্ৰিৰংগা পতাকা বিক্ৰীৰ বাবে পাখিমৰীয়া উন্নয়ন খণ্ডৰ প্ৰতিটো পঞ্চায়তত কেইবাখনো বিপনী মুকলিৰ ব্যৱস্থা কৰিছো । – “হৰ ঘৰ ত্ৰিৰংগা” এই শ্ল’গানেৰে আমাৰ আত্মসহায়ক গোটৰ প্ৰায় শতাধিক মহিলা সদস্যই উন্নয়ন খণ্ডৰ অধীনস্থ গাঁৱে গাঁৱে এইকেইদিন সজাগতা কৰাৰ লগতে প্ৰতিটো পৰিয়ালক ত্ৰিৰংগা পতাকা অতি কম মূল্যত তুলি দিব পাৰিব বুলি আমি আশাবাদী । মুঠৰ ওপৰত পাখিমৰীয়া উন্নয়ন খণ্ডৰ এইসকল মহিলাই ১৫৫০০ খন জাতীয় পতাকা বিক্ৰীৰ লক্ষ্যৰে বৰ্তমানলৈকে কেইবাহাজাৰো পতাকা সাজু কৰি তুলিছে । ঘৰে ঘৰে গৈ হাতত ত্ৰিৰংগা পতাকা তুলি দি ৰাইজৰ মাজত কৰিব সজাগতা । উল্লেখ্য যে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোট সমূহৰ দ্বাৰা বৰ্তমানলৈকে প্ৰায় ৪৭০০ খন ত্ৰিৰংগা পতাকা সম্পূৰ্ণ হৈ উঠিছে বুলি জানিব পৰা গৈছে ৷

You might also like