নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাত অৱসৰী শিক্ষকক বিদায় সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : ঘিলামৰা অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান ঘিলামৰা কান্ত খনিকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক গগন চন্দ্ৰ গগৈক আজি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনালে বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীসকলে। ১৯৯২ চনতে এই বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে নিযুক্ত হৈ তিনি দশকৰো অধিক কাল বিদ্যালয়খনৰ জৰিয়তে মানৱ সম্পদ সৃষ্টিত অকৃপণ অৰিহণা যোগাই অহা গগণ চন্দ্ৰ গগৈয়ে চৰকাৰী নীতি অনুসাৰে যোৱা ৩১ অক্টোবৰত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।এই উদ্যেশ্যে বিদ্যালয়খনত বুধবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হয় অৱসৰকালীন বিদায় সম্বৰ্ধনা সভা।বিদ্যালয়ৰ প্ৰধান শিক্ষক ভাস্কৰজিত চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ পূৰ্বে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গায়ন-বায়নেৰে সমদল কৰি শিক্ষাগুৰুজনক আদৰি আনে বিদ্যালয়ৰ পেক্ষাগৃহলৈ।বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী,অভিভাৱক তথা শিক্ষক-কৰ্মচাৰী উপস্থিত থকা সভাখনত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সিভাপতি হিৰণ্য হাজৰিকা,জ্যেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে নয়নমণি গোহাঁই,কিৰণচন্দ্ৰ দলে,ৰমনী গোহাঁই,ৰিজু ভূঞা,দিপামণি হাজৰিকাৰ লগতে জিতুল কিশোৰ চুতীয়া,প্ৰাণজ্যোতি গগৈ আদিয়ে শিক্ষক গৰাকীৰ জীৱন আৰু কৰ্মৰ ওপৰত বক্তব্য দাঙি ধৰি শিক্ষকতা বৃত্তিৰ প্ৰতি থকা তেখেতৰ মহানতাৰ কথা উল্লেখ কৰে। এক আৱেগিক পৰিবেশৰ মাজত শিক্ষকজনৰ কৰ্মময় জীৱনৰ সোঁৱৰণ কৰি শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে পৃথকে পৃথকে শৰাই, গামোচা, চেলেং, মানপত্ৰ আৰু ধৰ্মগ্ৰন্থ আৰু বিভিন্ন উপহাৰৰেৰে বিদায়ী শিক্ষকগৰাকীক ঊষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।সম্বৰ্ধনা গ্ৰহণ কৰি ৩১ বছৰীয়া কৰ্মজীৱনৰ স্মৃতি সুঁৱৰি আবেগিক হৈ পৰে অৱসৰী শিক্ষক গগন চন্দ্ৰ গগৈ। ইয়াৰ মাজতে শিক্ষক সমীৰ হাজৰিকা আৰু দীপামণি হাজৰিকাৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা কেইবাটাও গাম্ভীৰ্যপূৰ্ণ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰাৰ লগতে দশম শ্ৰেণীৰ ছাত্ৰীসকলে বিদায় উপলক্ষত প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা “ফেঁহুজালি”ও বিদায়ী শিক্ষাগুৰুজনৰ দ্বাৰা উন্মোচন কৰা হয়।সভাৰ অন্তত শিক্ষক গগন চন্দ্ৰ গগৈ আৰু তেখেতৰ পত্নীয়ে বিদ্যালয়খনক সেৱা জনাই চকুলো টুকি শিক্ষক-শিক্ষয়িত্ৰী,শুভাকাংক্ষী ৰাইজৰ সৈতে ঘৰ অভিমুখে যাত্ৰা কৰাৰ দৃশ্য আছিল অতিকৈ হৃদয় বিদাৰক ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like