নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত পৰ্যালোচনা বৈঠক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত সমগ্ৰ জিলাখনতে ৰূপায়ন হৈ থকা জল-জীৱন মিছনৰ কামকাজৰ অগ্ৰগতি তথা স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ কামকাজ সন্দৰ্ভত বিতংভাৱে পৰ্য্যালোচনা কৰে।  মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট কর্তৃপক্ষক নির্দিষ্ট সময়সীমাৰ ভিতৰত নিয়াৰিকৈ কামসমূহ সম্পূর্ণ কৰাৰ নির্দেশ প্রদান কৰে। পৰ্য্যালোচনা সভাত ডুমডুমাৰ  বিধায়ক ৰুপেশ গোৱালা, চাবুৱাৰ  বিধায়ক পোনাকণ বৰুৱা, তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পাল, অতিৰিক্ত জিলা আয়ুক্ত লীনা কুমাৰী পাৱে প্ৰমুখ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উচ্চপদস্থ বিষয়া তথা অভিযন্তাসকল উপস্থিত থাকে।
প্ৰেৰক সুৰজ দাস
You might also like