কাকজানৰ তিনিকুৰীয়াত গঁড়ৰ মুক্ত বিচৰণ
নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : যোৰহাট বন সংমণ্ডলৰ অধিনৰ কাকজান তিনিকুৰীয়া পথাৰৰ পকা ধাননিত আজি এটা গঁড়ে মুক্ত বিচৰণ কৰে। আজি পুৱাই গাঁৱৰ ৰাইজে পথাৰত চৰি থকা গঁড়টোক প্ৰথমে ম’হ বুলি ভাবিছিল যদিও পিছত গঁড় বুলি জানিব পাৰি আৰক্ষী আৰু বনবিভাগক খবৰ দিয়ে। ইতিমধ্যে বন বিভাগৰ লোক গঁড় ওলোৱা স্থানলৈ ৰাওনা হোৱাৰ পাছত গড় টোক দ পিতনি লৈ খেদি পঠিয়াবলৈ সক্ষম হয়। বিগত বছৰতো ব্ৰহ্মপুত্ৰৰ পাশ্বৱতী এলেকাৰ দ অঞ্চলত দুটাকৈ গড় ওলাইছিল। এইবাৰো ধান পকাৰ সময়ত এনেদৰে গড় ওলোৱাত ৰাইজ আতংকিত হৈ পৰিছে। শেহতীয়াকৈ গঁড়টোৱে ধান নথকা এক মুকলি স্থানত অৱস্থান কৰিছে।
প্ৰেৰক দিলীপ দত্ত