নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিদীপ কুমাৰ দত্তক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীলৈ আমন্ত্ৰণ

নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : ঐতিহাসিক কৰঙাৰ কমাৰশিল্পৰ উদ্যোগী ৰিদীপ কুমাৰ দত্তক আগন্তুক স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনাইছে। জানিব পৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ কুটিৰ শিল্পক লৈ এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা নামৰ আঁচনিখন আগন্তুক স্বাধীনতা দিৱসৰ দিনাই মুকলি কৰাৰ সম্ভাৱনা আছে। এক সূত্ৰৰ পৰা জানিব পৰা মতে, আঁচনিখনে দেশৰ কেইবালক্ষ কুটিৰ শিল্পীক সামৰি ল’ব। সেই সূত্ৰেই ঐতিহাসিক কৰঙাৰ কমাৰশিল্পৰ উন্নতিৰ লগত জড়িত হৈ থকা উদ্যোগী যুৱক ৰিদীপ কুমাৰ দত্তক সেই অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱাত স্থানীয় কমাৰশিল্পীসকল উতসাহিত হৈ পৰিছে। উল্লেখনীয় যে ৰাজ্যৰ পৰা মুঠ চাৰিগৰাকী কুটিৰ শিল্পৰ লগত জড়িত হৈ থকা লোকক স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনাইছে। জানিব পৰা মতে তেওঁলোকে উদ্য়োগমন্ত্ৰী পীয়ুষ গোৱেলক সাক্ষাত কৰি আলোচনাত মিলিত হ’ব।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like