🔹 ৱর্ল্ড বুক অৱ ৰেকর্ডছত সন্নিৱিষ্ট মাজুলীৰ ৰিদীপ শইকীয়াৰ নাম
বিশেষ বাৰ্তা, ৫ মার্চ : জ্বলি থকা আঙঠা সাধাৰণ খাদ্যৰ দৰে ভক্ষণ কৰি ৱর্ল্ড বুক অৱ ৰেকর্ডছত নাম সন্নিৱিষ্ট কৰি এক নতুন ৰেকর্ড গঢ়িবলৈ সক্ষম হৈছে মাজুলীৰ ৰতনপুৰৰ এজন যুৱকে৷ তেওঁৰ নাম ৰিদীপ শইকীয়া৷ ৩৪ বর্ষীয় যুৱকজনে কালি সকলোৰে সন্মুখত ৫ মিনিটত প্রায় ২৫০ গ্রাম জ্বলি থকা আঙঠা ভক্ষণ কৰি এক নতুন ৰেকর্ড কৰিবলৈ সক্ষম হৈছে৷ কোনোধৰণৰ সামগ্রীৰ সহায় নোলোৱাকৈ শুদা মুখত জ্বলি থকা উত্তপ্ত আঙঠা গোগ্রাসে ভক্ষণ কৰা দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিছে৷ কালি সৰুসজাই ক্রীড়া প্রকল্পত আয়োজিত এক অনুষ্ঠানত ৱর্ল্ড বুক অৱ ৰেকর্ডছৰ বিষয়া ড০ ৰাজীৱ শ্রীবাস্তৱ, ৰাজেশ শুক্লা আৰু ক্রীড়া যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্রদীপ তিমুঙৰ উপস্থিতিত এই দুঃসাহসিক কর্ম প্রদর্শন কৰে ৰিদীপ শইকীয়াই৷ ৰেকর্ডৰ পাছতে এই স্বীকৃতি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ উছর্গা কৰে ৰিদীপ শইকীয়াই৷ তেওঁ কয়- ২০১২ চনত দুর্ঘটনাবশতঃ আঙঠাত পোৰা গৰম আলু গৰমে গৰমে ভক্ষণ কৰিছিলোঁ৷ কিছু আঘাতো পাইছিল যদিও এই দুর্ঘটনাক অভ্যাস হিচাপে গঢ়ি তুলিলোঁ৷ কোনেও নজনাকৈ নৈৰ পাৰত মনে মনে এই অভ্যাস কৰিছিলোঁ৷ গাঁৱতো ৰাইজে মোক আঙঠা মানৱ বুলিয়ে চিনি পায়৷ অকল জ্বলি থকা আঙঠা চোবাই খোৱাৰ অভ্যাসে নহয়, নিৰন্তৰ যোগ সাধনাও কৰে ৰিদীপ শইকীয়াই৷ ২০১২ চনত ইণ্ডিয়া বুক অৱ ৰেকর্ডছ, ২০১৩ চনত এছিয়া বুক অৱ ৰেকর্ডছ আৰু ২০১৬ চনত ইণ্ডিয়া গট টেলেণ্টতো এই অসাধাৰণ কর্ম প্রদর্শন কৰিছিল ৰিদীপ শইকীয়াই৷ পৰৱর্তী সময়ত গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডতো নাম অন্তর্ভুক্ত কৰাৰ বাসনা মনতে পুহি ৰখা ৰিদীপ শইকীয়াই তেওঁৰ সপোনক এনেদৰে আগুৱাই যোৱাত সহায় কৰাৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকো কৃতজ্ঞতা জ্ঞাপন কৰিছে৷