নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভাৱৰ শিকলি ছিঙি মাজুলীৰ ৰিমিয়ে আনিলে ৮৭ শতাংশ

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ দিন-নিশা একাকাৰ কৰি মাকে তাঁতৰ শালত পাৰ কৰিছিল সময়, ইখনৰ পিছত সিখন গামোচা, চেলেং, মেখেলা, চাদৰ বৈ উপাৰ্জনৰ বাট উলিয়াইছিল ৷  দুই-চাৰিশ টকাৰ হাজিৰা এটা বিচাৰি নাপাই বঞ্চিত পিতৃয়ে কপাল ঢকিয়াব লাগিছিল। সেই অভাৱী ঘৰখনৰ পৰাই দুখৰ শিকলি ছিঙি ৰিমি হাজৰিকাই এইবাৰ ৮৭ শতাংশ নম্বৰ লৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ঘৰখনক উজলাই তুলিলে। ৰিমি আৰু তেওঁৰ ঘৰখন কেৱল অভাৱৰ দ্বাৰাই পীড়িত এনে নহয়, তেনে প্ৰত্যাহ্বানকো ওফৰাই সফলতা অৰ্জনেৰে দৰিদ্ৰসকলক যুঁজিবলৈ উদাহৰণ সৃষ্টি কৰাৰ পিছতো তাক ৰাজহুৱা কৰা মাধ্যমসমূহৰ পৰা কিন্তু বঞ্চিত ৰিমি। হয়, মাজুলীৰ পূব অংশৰ নিকিনিখোৱা গায়নগাঁৱৰ দৰিদ্ৰ কাঠমিস্ত্ৰী দ্বিজেন হাজৰিকা আৰু চাৰু হাজৰিকাৰ একমাত্ৰ জীয়ৰী ৰিমি হাজৰিকাৰ কথাই কোৱা হৈছে। পূব মাজুলীস্থিত মেৰাগড় নাৰায়ণদেৱ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী ৰিমি হাজৰিকাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৭ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে। ঘৰখনত পঢ়িবলৈ এখন টেবুল, বহিবলৈ যাৰ এখন চকীও নাই, সেই ঘৰখনত ৰিমিয়ে কতদিন মাকৰ লগত তাঁতৰ শালৰ তক্তাখনতেই বোৱাৰী পুৱালৈকে  পঢ়িব লগাত পৰিছিল। কিয়নো বহাৰ সুবিধা, ভাগে ভাগে পোহৰৰ সুবিধাকণ ৰিমিয়ে  পাব ক’ৰ পৰা। একমাত্ৰ ককায়েক বৰ্তমান স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰ। দুটাকৈ মেধাৱী সন্তানক পঢ়ুওৱাত এসাঁজ ভাতৰ পৰা আন সাঁজ ভাতলৈ চিন্তা কৰা পিতৃ-মাতৃয়ে বিশেষকৈ মাকজনীয়ে কতদিন তাঁতৰ শালখনতেই ৰাতি পুৱাব লাগিছিল তেওঁ নিজেহে জানে। দুখৰ ৰাত্ৰি পুওৱাৰ মাজতে এতিয়া ঘৰখনত আনন্দৰ চকুলো বিয়পাইছে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰিমিয়ে  ইংৰাজীত ৬৬, অসমীয়াত ৯১, স্বদেশ অধ্যয়নত  ৯৩, ৰাজনীতি বিজ্ঞানত ৯৩, সমাজ বিজ্ঞানত ৯২, আৰু উচ্চ অসমীয়াত ৮৪ নম্বৰসহ মুঠ ৪৩৫ নম্বৰ লাভ কৰিছে। এতিয়া উচ্চ শিক্ষা গ্ৰহণত সমস্যাৰ সন্মুখীন হোৱা ঘৰখনক কিছু সকাহ দিয়া আৰু  মেধাৱী ছাত্ৰীগৰাকীক সহায়ৰ বাবে কোনোবা হৃদয়ৱান আগবাঢ়ি আহিব বুলি ঘৰখনৰ হিতাকাংক্ষীসকলে আশা কৰিছে। হৃদয়ৱান লোকক ৰিমিহঁতৰ ঘৰখনৰ ফোন নম্বৰ ৭০৮৬৯ ০২৮৭৯ত যোগাযোগ কৰিবলৈ শুভাকাংক্ষীসকলে বিনম্ৰ অনুৰোধ জনাইছে ।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like