🔹 মিছা অভিযোগ তুলি আদালতত মুখথেকেচা গৌৰৱ গগৈৰ
🔹 অপবাদ উত্থাপন–প্রকাশ–প্রচাৰ নকৰিবলৈ সাংসদ গগৈক নির্দেশ
বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি আদালতত মুখথেকেচা খালে কংগ্রেছ সাংসদ গৌৰৱ গগৈয়ে৷ কামৰূপ (মহানগৰ) জিলাৰ দেৱানী ন্যায়াধীশৰ আদালতত ৰুজু হৈ থকা গোচৰ সন্দর্ভত এক গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰে৷ এই নির্দেশনাতে স্পষ্ট হৈছে প্রধানমন্ত্রী কিষাণ সম্পদা যোজনাৰ অধীনত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে কেন্দ্রীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য লাভ নকৰাটো৷ আদালতে এনেধৰণৰ মিছা অভিযোগ উত্থাপন–প্রকাশ–প্রচাৰ নকৰিবলৈ সাংসদ গৌৰৱ গগৈক নির্দেশ দিছে৷ ইয়াৰ অন্যথা সাংসদ গৌৰৱ গগৈ আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব বুলিও স্পষ্ট কৰি দিছে আদালতে৷ আদালতৰ স্পষ্ট নির্দেশনা– আদেশ প্রত্যাখ্যান কৰিলে একাধিক আইনী প্রক্রিয়া আৰম্ভ হ’ব পাৰে৷ উল্লেখ্য যে কেন্দ্রীয় খাদ্য সংসাধন মন্ত্রালয়ে ২০২২ চনৰ ৮ জুনত প্রধানমন্ত্রী কিষাণ সম্পদা যোজনাৰ অধীনত কৃষি সংসাধন ক্লাষ্টাৰৰ আন্তঃগাঁথনিৰ বাবে প্রকাশ কৰা গাইড লাইন অনুসৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে অনলাইনযোগে একেটা বর্ষৰ ২০ আগষ্টত ‘এক্সপ্রেছন অৱ ইণ্টাৰেষ্ট’ দাখিল কৰে৷ ইয়াৰ বিপৰীতে ২০২২ চনৰ ১০ নৱেম্বৰত কলিয়াবৰত এটা কৃষি সংসাধন ক্লাষ্টাৰ স্থাপনৰ বাবে কেন্দ্রীয় খাদ্য সংসাধন মন্ত্রালয়ে অনুমোদন জনায়৷ য’ত মুঠ প্রকল্প ব্যয়ৰ ১০ কোটি টকা ৰাজসাহায্য আগবঢ়োৱাৰ কথা উল্লেখ কৰা হৈছিল৷ কিন্তু কেন্দ্রীয় চৰকাৰে মুকলি কৰি দিয়া নাছিল উক্ত পুঁজিৰ কোনো ধন৷ পিছে লক্ষণীয়ভাৱে সাংসদ গৌৰৱ গগৈয়ে ২০২৩ চনৰ ১২ আৰু ১৩ ছেপ্টেম্বৰত ‘এক্স’ হেণ্ডেলযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পত্নী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই কেন্দ্রীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰা বুলি মন্তব্য কৰে৷ ইয়াৰ পিছতে সাংসদ গৌৰৱ গগৈক প্রত্যাহ্বান জনাই প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা আদালতৰ দ্বাৰস্থ হয়৷ গোচৰটো বিচাৰাধীন হৈ থকা সময়ছোৱাত আদালতে উভয় পক্ষৰ যুক্তি শুনি কালি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ পক্ষত ৰায় দিয়ে৷ এই ৰায়ত কোৱা হৈছে যে সাংসদ গৌৰৱ গগৈৰ মিছা অভিযোগে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ ভাবমূর্তি জনমানসত ম্লান কৰিছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে কৃষি সংসাধন ক্লাষ্টাৰৰ বাবে আবেদন জনালেও প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে ২০২৩ চনৰ মে’ মাহত প্রকল্পটো স্থগিত ৰখাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছিল৷ আনকি সেই সময়ত এই বিষয়ে কেন্দ্রীয় খাদ্য সংসাধন মন্ত্রালয়ক প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে অৱগত কৰা হৈছিল৷ লক্ষণীয়ভাৱে কালি আদালতে বিচাৰাধীন গোচৰটো নিষ্পত্তি কৰাৰো নির্দেশ দিয়ে৷