নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেতিয়াৰ পৰা আজমলৰ ভৃত্য হ’ল ৰিপুণ বৰা–অদীপ ফুকন

প্রদেশ কংগ্রেছৰ সভাপতি–এজেপি সমন্বয়কক কটাক্ষ ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ শিলচৰ বিমানকোঠত এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলক আদৰিবলৈ গৈ একাংশ সমর্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ দেশদ্রোহী কাম–কাজক বিৰুদ্ধাচৰণ কৰাৰ পৰিৱর্তে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু অসম জাতীয় পৰিষদৰ (এজেপি) সমন্বয়ক অদীপ ফুকনে ৰক্ষণাবেক্ষণ দিবলৈহে আপ্রাণ প্রচেষ্টা অব্যাহত ৰাখিছে৷ আজমলক আদৰাৰ সময়ত দেশদ্রোহী ধ্বনি দিয়াৰ ভিডিঅ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ফেচবুকত আপলোড কৰাৰ আঁত ধৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সোমবাৰে ভঙাগড় থানাত মন্ত্রী ড০ শর্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ সেইদৰে অসম জাতীয় পৰিষদৰ সমন্বয়ক অদীপ ফুকনে সেই ভিডিঅ’টোৰ বাবে মন্ত্রী ড০ শর্মাক গ্রেপ্তাৰ কৰাৰ দাবী জনায়৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰা আৰু এজেপিৰ সমন্বয়ক ফুকনৰ তেনে কার্যত তীব্র উষ্ম প্রকাশ কৰি মন্ত্রী ড০ শর্মাই কয় যে ৰিপুণ বৰা আৰু অদীপ ফুকন আজমলৰ ইমান প্রভুভক্ত হৈছে কিয়? আজমলক মুখ্যমন্ত্রী পাতিম বুলি তেওঁলোকে সিদ্ধান্ত ল’লেই৷ কেতিয়াৰ পৰা তেওঁলোক আজমলৰ ভৃত্য হৈ গ’ল? আজমলৰ দাসত্বৰ শৃংখলত বন্দী হৈ জাতিটোক বন্ধকত দিলে৷ ৰিপুণ বৰাই গোচৰ দিয়াৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া নাছিল বুলি ৰিপুণ বৰাই গেৰাণ্টী লৈছে নেকি? বৰচলা সমষ্টিতো ৰাম জনমভূমি গোচৰৰ ৰায় দিয়াৰ সময়ত একাংশই পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল৷ ভাৰত–পাকিস্তানৰ মাজত টেষ্ট মেচ চলিলেও কৰিমগঞ্জ, হাইলাকান্দিত একাংশই পাকিস্তান জিন্দাবাদ ধ্বনি দিয়ে৷ ক’টৰ ৰেকর্ডত তেনে গোচৰৰ ৰেকর্ড বিচাৰিলেই পাব৷ আজমলৰ এজেণ্ট কিয় হৈছে ৰিপুণ বৰা? কেছ দিলে আজমলেহে দিব লাগিছিল৷ কিন্তু কেছ দিলে ৰিপুণ বৰাই৷ এই কার্যৰ দ্বাৰা আজমলৰ জোতাৰ তলত পৰি গৈছে কংগ্রেছ৷

You might also like