মানুহ আৰু পৰিৱেশৰ মাজত এক পাৰস্পৰিক সম্পর্ক আছে৷ মানুহৰ উন্নয়নমুখী কার্যৰ পটভূমিত সম্পর্কৰ বিকাশ পূর্বৰ তুলনাত অধিক বৃদ্ধি পালে যদিও কেতবোৰ ধ্বংসাত্মক উন্নয়নমুখী কার্যকলাপৰ বাবে পৰিৱেশৰ অৱক্ষয়ও সমান্তৰালভাৱে বৃদ্ধি পাই আহিছে৷ উল্লেখ্য যে আমাৰ চাৰিও দিশৰ অৱস্থানটোকে পৰিৱেশ বুলি কোৱা হয়৷ পৰিৱেশক মূলতঃ দুটা ভাগত ভাগ কৰা হৈছে৷ প্রাকৃতিক পৰিৱেশ আৰু অপ্রাকৃতিক পৰিৱেশ বা মানৱ পৰিৱেশ৷ প্রাকৃতিক পৰিৱেশৰ মুখ্য উপাদানসমূহ হ’ল অৱস্থিতি, বন্ধুৰতা, জলভাগ, মাটি, প্রাকৃতিক উদ্ভিদ, খনিজ সম্পদ, প্রাণী আৰু জলবায়ু৷
অভিজাত মানুহৰ জীৱন ধাৰণৰ পদ্ধতি বা দৈনন্দিন কার্যসমূহ পৰিৱেশৰ অনুকূলতাত সম্পাদিত হৈছিল৷ বিজ্ঞানৰ–প্রযুক্তিৰ বিকাশ, ঔদ্যোগিকীকৰণ, নগৰীকৰণ, উন্নত জীৱন ধাৰণ তথা সামগ্রিক বিকাশৰ পটভূমিত মানৱ জাতিয়ে পৰিৱেশক নিয়ন্ত্রণ কৰিব পৰা হ’ল৷ ইয়াৰ নেতিবাচক অন্যতম প্রভাৱ ৰূপে মুখ্য পৰিৱেশিক কাৰক মাটি, পানী, বায়ুমণ্ডল ব্যাপক হাৰত অৱক্ষয় বা প্রদূষণৰ কবলত পৰিছে৷ সমগ্র বিশ্বৰ লগতে ভাৰততো নদ–নদী, জলাশয়ৰ পানীভাগত প্রদূষণৰ মাত্রা বৃদ্ধি পাই আহিছে৷
কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদে (চিপিচিবি) ২০২২ বর্ষৰ প্রদূষিত নদীসমূহ শীর্ষক প্রকাশ কৰা প্রতিবেদন অনুসৰি, সমগ্র দেশৰে ২৭৯খন নদীৰ ৩১১টা স্থানত নদীৰ পানী প্রদূষিত হৈ পৰাৰ তথ্য প্রকাশ কৰিছে৷ নদীসমূহৰ ভিতৰত চেন্নাইৰ ‘কুউম’ সর্বাধিক প্রদূষিত নদীৰ বিপৰীতে গুজৰাটৰ সবৰমতি দ্বিতীয় সর্বাধিক প্রদূষিত নদী ৰূপে উল্লেখ কৰিছে৷ কুউম নদীৰ বায়’লজিকেল অক্সিজেন ডিমাণ্ড বা বি’ডিৰ হাৰ সত্যনগৰ অঞ্চলত প্রতিলিটাৰত ২৮৭ মিলিগ্রাম বা এমজি৷ এই হাৰ দেশৰ ৬০৩খন নদীৰ ভিতৰত সর্বাধিক৷ তদানুসাৰে গুজৰাটৰ সবৰমতি নদীত বি’ডি ২৯২ এমজি তথা উত্তৰ প্রদেশৰ বাহেলা নদীৰ বিডি’ৰ হাৰ প্রতিলিটাৰত ২৮৭ এমজিসহ তৃতীয় সর্বাধিক প্রদূষিত নদী৷ প্রদূষণ নিয়ন্ত্রণ পৰিষদে প্রকাশ কৰা প্রতিবেদন অনুসৰি, সর্বাধিকসংখ্যক দেশত প্রদূষিত নদী আছে মহাৰাষ্ট্রত৷ ৰাজ্যখনত ৫৫খন, বিহাৰত ১৮খন, কেৰালাত ১৮খন, কর্ণাটক–উত্তৰ প্রদেশত ১৭খনকৈ, ৰাজস্থানত ১৪খন, গুজৰাট, মণিপুৰ, পশ্চিমবংগত ১৩খনকৈ নদীৰ পানী প্রদূষিত বুলি চিহ্ণিত কৰিছে৷ ইয়াৰ পিছতে অসম, তামিলনাডুৰ ১০খনকৈ, হিমাচল প্রদেশৰ ৯খন, হাৰিয়ানা, মিজোৰাম, পুডুচেৰীৰ তিনিখনকৈ, দমন, ডিউ, নগৰ হাভেলী, দিল্লী, ত্রিপুৰাৰ মাত্র একোখনকৈ নদীহে প্রদূষণৰ কবলত পৰাৰ তথ্য প্রতিবেদনত প্রকাশ পাইছে৷ অৱশ্যে দেশৰ মুখ্য নদীসমূহ গংগা, যমুনা, দামোদৰ, ভীমা, মিঠি, কামতি আদিৰ পানীভাগো প্রদূষণৰ কবলত পৰিছে৷ বিপৰীতে মেঘালয়ৰ উমনগট, মধ্যপ্রদেশ, ৰাজস্থানৰ সীমান্তৰ সম্বল নদী, ছিকিম–পশ্চিমবংগ সীমান্তৰ তিস্তা নদী, মিজোৰাম সীমান্তৰ টুইপুই নদীৰ পানীভাগ বহু পৰিমাণে পৰিষ্কাৰ হোৱাৰ কথা জলশক্তি মন্ত্রালয়ে প্রকাশ কৰিছে৷
কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, অসমৰ প্রদূষণৰ কবলত পৰা নৈকেইখন হ’ল মঙলদৈৰ নিকটৱর্তী বেগা, গুৱাহাটী সংলগ্ণ ভৰলু, মার্ঘেৰিটা সংলগ্ণ বুঢ়ীদিহিং, গোলাঘাট জিলা তথা কার্বি আংলং সীমা সংলগ্ণ ধনশিৰি নদী (বোকাজান, নুমলীগড় সংলগ্ণ), খাৰচাং নদী, চয়গাঁও সংলগ্ণ কুলচি নদী, মৰাভৰলী তথা নলবাৰী সংলগ্ণ পাগলাদিয়া নদী, যোৰহাটৰ মাজেৰে বৈ যোৱা টোকোলাই নদী অন্যতম প্রদূষণৰ কবলত পৰিছে৷ গুৱাহাটীৰ মাজেৰে পাৰ হৈ যোৱা ভৰলুৰ বায়’লজিকেল অক্সিজেন ডিমাণ্ডৰ হাৰ ৭৬ এমজি, নদীখনত ফ্ল’ৰাইডৰ হাৰ প্রতিলিটাৰত ৩.৭৩ এমজি, পিএইচ ৬৫ আৰু ডিজলভড অক্সিজেন ০.৫ এমজি প্রতিলিটাৰত৷ অথচ বিআইএছ ষ্টেণ্ডার্ড অনুসৰি নৈৰ পানীভাগত বি’ডিৰ হাৰ ৩ এমজি, ফ্ল’ৰাইড ১ এমজি, পিএইচ ৭–৮.৫ আৰু ডি’ ৬ এমজি হ’ব লাগে৷ প্রদূষণ পৰিষদে প্রকাশ কৰা অনুসৰি, অসমৰ দহখন প্রদূষিত নদীৰে এখনৰ বাবে বাকী ৯খনৰ প্রদূষণৰ মাত্রা পঞ্চম পর্যায় ৰূপে চিহ্ণিত হৈছে৷ অৱশ্যে অসমৰ অন্যান্য ভালেসংখ্যক নদী যেনে– ভোগদৈ, বেঁকী, জীয়াভৰলী, কলং, কপিলী, জাঁজী, পুঠিমাৰী, ৰঙানদী আদি নদীৰ পানীভাগো সম্প্রতি ব্যাপক প্রদূষণৰ কবলত পৰিছে৷ মূল নদ–নদীসমূহৰ কাষত থকা নগৰ–চহৰসমূহৰ্ পেলনীয়া আৱর্জনাসমূহ নদীসমূহত এৰি দিয়া তথা উদ্যোগৰ বর্জিত পদার্থসমূহ পানীভাগত মিহল হোৱাৰ কাৰণেই প্রদূষণৰ মাত্রা বৃদ্ধি পাইছে৷ গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু তথা যোৰহাটৰ মাজেৰে বৈ যোৱা ভোগগৈ, টোকোলাই নদীৰ পানীভাগ, নদীখনৰ কাষত বসতি বৃদ্ধি বা পেলনীয়া আৱর্জনাই প্রদূষণ বৃদ্ধি কৰাৰ অন্যতম নিদর্শন৷ এগৰাকী টোকোলাই নদীৰ কাষৰ বাসিন্দাই এই নিবন্ধ লেখকক প্রকাশ কৰা অনুসৰি, আজিৰ পৰা চল্লিশ–পঞ্চাশ বছৰৰ আগতে টোকোলাই নদীৰ পানীভাগ ব্যৱহাৰৰ উপযোগী আছিল৷ অথচ সম্প্রতি ভোগদৈ বা টোকোলাই নদীৰ পানীভাগ বিভিন্ন দূষিত পদার্থ তথা আৱর্জনাৰ কাৰণে ব্যাপক হাৰত দূষিত হৈছে৷ বৰণ ক’লা বা কাষেৰে পাৰ হৈ যাওঁতেও দুর্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে৷ বিভিন্ন জলচৰ জীৱ বা জলজ উদ্ভিদৰ অস্তিত্ব নাইকিয়া হৈছে৷ মূলতঃ প্রদূষিত পানীয়ে নৈসমূহৰ জৈৱ–বৈচিত্র্যৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ লগতে নৈপৰীয়া জনজীৱনলৈ প্রবল ভাবুকি আনিছে৷
কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ প্রতিবেদন অনুসৰি, ৰাজ্যখনৰ মূল নদী ব্রহ্মপুত্রৰ জলৰাশিৰ প্রদূষণৰ মাত্রা তুলনামূলকভাৱে কম৷ অথচ পূর্বতেও ভালেসংখ্যক সংশ্লিষ্ট বিভাগে প্রকাশ কৰা অনুসৰি, নদীখনত ক্রমশঃ প্রদূষণৰ মাত্রা ঊর্ধ্বগামী হৈছে৷ ২০২১ বর্ষত প্রকাশিত তথ্য অনুসৰি, নদীখনত কেতবোৰ ধাতৱ পদার্থ যেনে– লো, ক্রমিয়াম, লিড, কপাৰ আদিৰ মাত্রা বৃদ্ধি পাইছে৷ তেজপুৰত পানীৰ পৰীক্ষণ কৰোঁতে ধৰাপৰা জলৰাশিত বিভিন্ন ধাতৱ পদার্থৰ অৱস্থান হ’ল– অনুমোদিত লোৰ পৰিমাণ ০.৩ৰ বিপৰীতে উপলব্ধ হৈছিল ৯.৮৭২ এমজি/১৷ কপাৰ অনুমোদিত হাৰ ৫০ৰবিপৰীতে ৫৪.০০ মাইক্র’গ্রাম প্রতি লিটাৰত (৫৪/১)৷ গুৱাহাটীৰ পাণ্ডুত ব্রহ্মপুত্রৰ জলভাগত অনুমোদিত লিডৰ পৰিমাণ ১০/১ৰ বিপৰীতে পোৱা গৈছে ২১.৪৮০ মাইক্র’গ্রাম/১, ক্রমিয়ামৰ অনুমোদিত হাৰ ৫০/১ৰ বিপৰীতে আছে ৫৩.১ মাইক্র’গ্রাম/১৷ এনে ধাতৱ পদার্থ মিহলি পানী ব্যৱহাৰৰ কাৰণে যকৃত, মগজু, হাঁওফাঁও, কিডনী, হাড়ৰ ৰোগ আদিত আক্রান্তৰ সম্ভাৱনাৰ অধিক থকাৰ বিষয়ে বিশেষজ্ঞসকলে প্রকাশ কৰিছে৷ মে’ মাহৰ ভিতৰত দিখৌ নদীৰ পানীভাগৰ বৰণ অস্বাভাৱিক ধৰণেৰে পৰিৱর্তনক কেন্দ্র কৰি ৰাইজৰ মাজত ব্যাপক চর্চা আৰম্ভ হৈছে৷ এচাম সচেতন মহলৰ মতে, নদীখনৰ উৎসস্থলৰ কাষত কয়লাৰ মুক্ত খনন আৰু মজুত কৰি ৰাখিছে৷ বৰষুণ হোৱাৰ সময়ত এই কয়লাসমূহৰপৰা নিগৰিত পানী নদীৰ পানীভাগত মিলি পানীৰ বৰণৰ পৰিৱর্তন হৈছে৷ ফলত নৈখনৰ ওপৰতেই নির্ভৰশীল নৈপৰীয়া বৃহৎসংখ্যক লোকৰ জীৱন–জীৱিকাৰ পথত অশনি সংকেত কঢ়িয়াই আনিছে৷
নদীসমূহৰ জলভাগ ব্যাপক হাৰত প্রদূষণৰ কবলত পৰাত জৈৱ–বৈচিত্র্যৰ প্রতি চৰম ভাবুকি আনিছে৷ বিশেষকৈ থলুৱা বিভিন্ন প্রজাতিৰ মাছ, জলচৰ জীৱৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিছে৷ নদীৰ ওপৰত জীৱন–জীৱিকা নির্ভৰশীল লোকসকলৰ কাৰণে আহিছে গভীৰ সংকট৷ মূলতঃ কৃষি, উদ্যোগ, সেৱা, বাণিজ্য, পৰিবহণ আদি ক্ষেত্রও প্রদূষিত জলভাগৰ প্রভাৱত বিপর্যস্ত হৈছে৷ প্রদূষিত পানী ব্যৱহাৰ কৰাৰ কাৰণেও বৃহৎসংখ্যক লোক ৰোগত আক্রান্ত হয়৷ পানীজনিত কেইটামান ৰোগ হ’ল– টাইফয়েড, কলেৰা, ডিচেণ্ড্রী, ডায়েৰীয়া, গেষ্ট্র’এণ্টাৰাইটিছ ইত্যাদি৷ ধাতৱ মিহলি জলৰাশি ব্যৱহাৰ যকৃত, মগজু, হাঁওফাঁও, কিডনী, হাড়, ছাল, দাঁত আদিৰ কাৰণে অতিশয় বিপজ্জনক৷
জল প্রদূষণ নিয়ন্ত্রণৰ কাৰণে ব্যাপক জনসচেতনতা বা সর্বসাধাৰণে এই সমস্যা অনুধাৱন কৰিব পাৰিব লাগিব৷ প্রয়োজন সাপেক্ষে এইক্ষেত্রত সংশ্লিষ্ট বিভাগসমূহৰ যোগেৰে ব্যৱস্থা গ্রহণ কৰাৰো নিতান্তই প্রয়োজন৷ এইক্ষেত্রত অৱশ্যে বিভাগীয় দায়বদ্ধতাতে সীমাবদ্ধ নাথাকি বিভিন্ন দল–সংগঠন, ব্যক্তি, গৱেষক, বিশেষজ্ঞৰ পৰামর্শ এইক্ষেত্রত গুৰুত্বপূর্ণ ৰূপে বিবেচিত হয়৷ জল ব্যৱহাৰ, সংৰক্ষণ, বহনক্ষম উন্নয়নৰ চিন্তা, স্বাস্থ্য সচেতনতা, জীৱন–জীৱিকা আদি দিশসমূহত ব্যৱস্থা গ্রহণ কৰাও প্রয়োজন নথকা নহয়৷
পেলনীয়া আৱর্জনা বা অপদ্রব্যসমূহ নদীভাগত এৰি দিয়াৰ আগতেই আৱর্জনা পুনৰ নৱীকৰণ বা শোধন কৰাৰ কাৰণে আন্তঃগাঁথনিৰ প্রয়োজন৷ অৱশ্যে নগৰ–চহৰসমূহত্ ঘৰেপতি আৱর্জনা সংগ্রহ তথা নৱীকৰণ ব্যৱস্থাৰ দিশত কিছু ব্যৱস্থা গ্রহণ কৰিছে যদিও সমস্যা সমাধানত আৰু অধিক অগ্রাধিকাৰৰ প্রয়োজন৷ এইক্ষেত্রত নদী কাষৰীয়া ঔদ্যোগিক গোটসমূহৰ ঐকান্তিক প্রচেষ্টাও এক দৃঢ় পদক্ষেপ ৰূপে বিবেচিত হ’ব৷
নদীৰ কাষত বসতি বা ঔদ্যোগিক গোট প্রতিষ্ঠাৰ ক্ষেত্রত এক পৰিকল্পিত আঁচনি, প্রদূষণ নিয়ন্ত্রণ আইন, নীতিৰ কঠোৰ ৰূপত কার্যকৰী কৰাৰ প্রয়োজন৷
সভ্যতা–সংস্কৃতিৰ বিকাশ, কৃষি, উদ্যোগ, যাতায়াত–যোগাযোগ, সেৱা, ব্যৱসায়, বাণিজ্য, অর্থনীতিৰ বিকাশ, জীৱন ধাৰণৰ মান আদি দিশসমূহত নদীৰ অৱদান চিৰন্তন৷ সেয়েহে মানুহ আৰু নদী উভয়ে বর্তি থাকিব পৰাকৈ তথা নদীৰ অনুকূলতাত আমাৰ জীৱনৰ মান অধিক প্রসাৰিত কৰিবলৈ এক ব্যাপক জনজাগৰণৰ অতিকৈ প্রয়োজন৷
জয়ন্ত কুমাৰ শর্মা
লেখক তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত সহযোগী অধ্যাপক