নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ আমিজানে লাভ কৰিলে দহ লাখ টকাৰ অফাৰ

🔷 “ব্লেক টাইগাৰ চিমেন্ট”ৰ টাইগাৰ দচ কা দম টু

নিয়মীয়া বাৰ্তা, ১ জুনঃ “কপালৰ নামেই গোপাল” কথাষাৰৰ প্ৰকৃত সত্যতা প্ৰমাণ কৰিছে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বালিঝাৰৰ আমিজান বিবিয়ে । প্ৰাপ্ত খবৰ অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ চিমেণ্ট কোম্পানী ব্লেক টাইগাৰ চিমেন্টৰ অফাৰ হিচাপে টাইগাৰ দচ কা দম টুৰ আঁচনিৰ জৰিয়তে লাভ কৰে দহ লাখ টকাৰ অফাৰ। ব্লেক টাইগাৰ চিমেন্টৰ দচ ছে দচ লাখ টক অভিলাষী আঁচনিৰ জৰিয়তে বকোৰ বালিঝাৰৰ আমিজান বিবিয়ে লাভ কৰা দহ লাখ টকাৰ চেক বিতৰণ কৰিবলৈ আজি দিনৰ ভাগত বালিঝাৰ আঞ্চলিক বজাৰ সমিতিৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজন কৰে চেক বিতৰণী সভা। ব্লেক টাইগাৰ চিমেণ্ট কোম্পানীৰ উদ্যোগত এক অনুষ্ঠানত বালিঝাৰৰ দুখীয়া মহিলা আমিজান বিবিক চিমেণ্ট কোম্পানীৰ তৰফৰ পৰা অভিনন্দন জনাই আনুষ্ঠানিকভাৱে চেকখন  প্ৰদান কৰে। উল্লেখ্য যে ব্লেক টাইগাৰ চিমেণ্ট কোম্পানীৰ অসম জনৰ পৰিচালন সঞ্চালক মণ্ডলীৰ হাদিউল ইছলাম; গিৰিধাৰী মুখাৰ্জী; সহযোগী পৰিচালক ৰণজিৎ গুপ্তা; সহকাৰী পৰিচালক বিশ্বজিৎ দাসকে ধৰি বহুকেইজন চিমেণ্ট কোম্পানীৰ বিষয়ববীয়া উপস্থিত থাকে। আমিজান বিবিক দহ লাখ টকাৰ চেক বিতৰণ কৰা অনুষ্ঠানত উপস্থিত থাকে বালিঝাৰ আঞ্চলিক বজাৰ সমিতিৰ সভাপতি মতিউৰ ৰহমান; ছমৰীয়া সত্ৰ সমবায় সমিতিৰ সভাপতি আমিৰ আলী। আমিজান বিবিক দহ লাখটকীয়া চেক বিতৰণ অনুষ্ঠানত ব্লেক টাইগাৰ চিমেন্টৰ গুণাগুণৰ ওপৰত আলোকপাত কৰে। আমিজান বিবিয়ে অফাৰ লাভ কৰাত শুভেচ্ছা আৰু অভিনন্দন জনাইছে গোল্ডষ্টোন চিমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক সঞ্জয় কুমাৰ গুপ্তাই।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like