নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত মৰ্মন্তুদ পথ দুৰ্ঘটনাত সাত ইঞ্জিনীয়াৰিঙৰ ছাত্ৰৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ২৯ মেঃ আজি মহানগৰীৰ জালুকবাৰীত সংঘটিত হয় এক শোকাহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত প্ৰাণ গ’ল অসম ইঞ্জিনীয়াৰিং কলেজৰ ৭জনকৈ মেধাৱী ছাত্ৰৰ। নিহত ছাত্ৰকেইজন ক্ৰমে মাজুলীৰ কমলাবাৰীৰ ৰাজকিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন গায়ন, চৰাইদেউৰ বকতা লাইপালেঙৰ কৌশিক মোহন, নগাঁৱৰ উপাংশু শৰ্মা, মঙলদৈৰ জ্যোতিনগৰৰ কৌশিক বৰুৱা, গুৱাহাটীৰ অৰিন্দম ভল্লাল আৰু গোলাঘাটৰ নিয়ৰ ডেকা। উল্লেখ্য যে ছাত্ৰকেইজন য়োৱা স্কৰপিঅ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ’ পিকআপ ভানত খুন্দা মৰাৰ ফলতে সংঘটিত ভয়ংকৰ দুৰ্ঘটনাটো। নিহত ছাত্ৰকেইজন অসম ইঞ্জিনীয়াৰিং কলেজৰ ৭ নম্বৰ ছাত্ৰাবাসৰ আৱাসী আছিল। ছাত্ৰকেইজনৰ মৃত্যুৰ পিছত এতিয়া গুাৱাহটী মেডিকেল কলেজৰ মৰ্গৰ বাহিৰত এতিয়া কান্দোনৰ ৰোল, শোকস্তব্ধ পিতৃ-মাতৃ-আত্মীয়; এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ চাৰিওফালে। ইফালে দুৰ্ঘটনাৰ পিছতেই জালুকবাৰীৰ দুৰ্ঘটনাস্থলী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জিএমচিএইচ কৰ্তৃপক্ষক আহতসকলৰ চিকিৎসাৰ নিৰ্দেশ দিয়ে। ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনাৰ পিছত শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ কয় যে নিশা জালুকবাৰীত সংঘটিত হোৱা এক হৃদয়বিদাৰক দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭গৰাকীকৈ ছাত্ৰৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মৰ্মাহত কৰি তুলিছে। এক কৰুণ ঘটনাত পতিত হৈ স্বৰ্গধামলৈ গতি কৰা মেধাৱী ছাত্ৰকেইগৰাকীৰ পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তদুপৰি এই দুৰ্ঘটনাত পতিত হৈ বৰ্তমানে চিকিৎসাধীন হৈ থকা আঘাতপ্ৰাপ্তসকলৰ দ্ৰুত আশু আৰোগ্য কামনা কৰিলোঁ।

You might also like