নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ মে’, জেঠ মাহৰ ১৪ তাৰিখ
সোমবাৰঃ তিথি–শুক্লা নৱমী, নক্ষত্রঃ উত্তৰফাল্গুনী, যাত্রাঃ নাই

মেষঃ মানসিক কষ্ট বাঢ়িব পাৰে৷ ঘৰৰ পৰা কিছু মূল্যৱান সামগ্রী হেৰুৱাব পাৰে৷ বন্ধুৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা৷ ব্যৱসায়ৰ বাবে চিন্তা বৃদ্ধি৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ২৷

বৃষঃ আপোনাৰ কোনো ব্যৱহাৰত আনৰ বেয়া লাগিব পাৰে৷ পৰাপক্ষত স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক৷ স্বাস্থ্য অসুস্থ হোৱাৰ বাবে ব্যৱসায়ত সমস্যা হ’ব পাৰে৷ শুভ ৰং মটীয়া৷ শুভ সংখ্যা ৫৷

মিথুনঃ ব্যৱসায়ত নতুন কামৰ শুভ সূচনা হ’ব পাৰে৷ শত্রুৰ পৰা সাৱধানে থাকক৷ চাকৰিৰ স্থান সলনি হ’ব পাৰে৷ প্রিয়জনৰ লগত শান্তি অনুভৱ কৰিব৷ শুভ ৰং মটীয়া৷ শুভ সংখ্যা ৪৷

কর্কটঃ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৯৷

সিংহঃ পৰাপক্ষত টকা–পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব৷ চাকৰিয়ালৰ পদোন্নতিত বাধা আছে৷ আনক আনন্দ অনুভৱ কৰাবলৈ যোৱাতে নিজে দুখত পৰিব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৩৷

কন্যাঃ স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক৷ চাকৰিৰ স্থানত কোনো মহিলাৰ লগত নতুন বন্ধুত্ব হ’ব পাৰে৷ যান–বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷

তুলাঃ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ আশংকা৷ কোনো অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সুৰক্ষা পাব৷ প্রতিযোগিতামূলক কামত জয়লাভ হ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷

বৃশ্চিকঃ সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ কর্ম আৰু পাৰিবাৰিক ক্ষেত্রত শুভ ফল পাব৷ দাম্পত্যত মজলীয়া৷ কাকো ৰুক্ষ ব্যৱহাৰ নকৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

ধনুঃ কর্মক্ষেত্রত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক৷ নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব৷ অন্তৰংগ বন্ধু–বান্ধৱীৰ লগত আনন্দ লাভ কৰিব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ১৷
মকৰঃ পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত ভাল ফল পাব৷ ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া৷ দিনটোত ব্যৱসায়ীসকলে লেনদেন কৰোঁতে সাৱধান হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৭৷

কুম্ভঃ দিনটো অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক৷ নতুন কোনো যোগাযোগত উৎসাহিত হ’ব পাৰে৷ পৰাপক্ষত টকা–পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷

মীনঃ আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা৷ অকাৰণ বা কাৰণতেই হওক কোনোৰ লগত মত বিৰোধ হোৱাৰ আশংকা৷ বন্ধুবর্গৰ প্রতি সাৱধান হওক৷ শুভ ৰং মটীয়া৷ শুভ সংখ্যা ৭৷

You might also like