নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দায়িত্বজ্ঞানহীন ঠিকাদাৰঃ খান্দি থোৱা গাঁতে কাঢ়িলে যুৱকৰ প্ৰাণ, প্ৰতিবাদত উত্তাল হয়বৰগাঁও

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ নগাঁৱত হোৱা এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ক্ষুব্ধ ৰাইজে টায়াৰ জ্বলাই হয়বৰগাঁৱত অৱৰোধ কৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ।

ঘটনাৰ বিৱৰণী মতে, কালি নিশা হয়বৰগাঁৱৰ চমাদাৰপট্টিৰ ২৭ বছৰীয়া যুৱক দেৱানন্দ সৰকাৰৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল৷ নগাঁও আৱৰ্ত ভৱনৰ সন্মুখত কলঙৰ ওপৰত নিৰ্মাণৰত পকী দলঙৰ বাবে খান্দি ৰখা গাঁতত নিশা মটৰচাইকেলসহ পৰি যোৱাৰ ফলত মৃত্যু হৈছিল যুৱকজনৰ ৷

প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ যে দলংখন নিৰ্মাণত নিয়োজিত ঠিকাদাৰে কোনোধৰণৰ পথ নিৰ্দেশনাৰ ব্যৱস্থা নকৰাৰ বাবেই আৰু খান্দি থোৱা গাঁতটোৰ চৌপাশে কোনো বেৰা নিদিয়াৰ বাবেই দুৰ্ঘটনাত যুৱকজনে অকাল মৃত্যুক সাৱটিব লগা হ’ল।

ক্ষুব্ধ ৰাইজে পথ অৱৰোধ কৰি যুৱকজনৰ মৃত্যুৰ বাবে দায়ী লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষতিপূৰণৰ দাবী জনায়।

You might also like