নিয়মীয়া বাৰ্তা, ৩০ জুনঃ ৰাস্তাৰ মাজত বৃহৎ বৃহৎ খাল। ৰাস্তাৰ এই অৱস্থা কামৰূপ জিলাৰ বকো সমষ্টিৰ কেন্দ্ৰ অথবা ৰাজধানী স্বৰূপ বকোৰ। বকোত পথৰ এই অৱস্থা যাতনা ভোগাইছে যাতায়াতকাৰীক। এই পথবোৰৰ ভিতৰত বকো-পয়ৰঙ্গা গড়কাপ্টানী পথ সংযোগী কালিয়াবড়ী গাঁৱৰ মাজেদি পাৰ হৈ যোৱা পথটো, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পূৱ বৰপাৰাৰ মাছলেংকা হোটেলৰ পৰা মডেল ইংলিছ স্কুললৈ যোৱা পথটো, বকো বজাৰৰ মাজমজিয়াত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বকো শনিবৰীয়া বজাৰলৈ যোৱা পথটো। এই সকলো পথেই বিধ্বস্ত। পথকেইটাৰে অহা যোৱা কৰা জনতাৰ মুখত চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ উন্নয়ন আৰু বিকাশ ক’ত ক’ত হৈছে বুলি প্ৰশ্নহে উত্থাপন হৈছে। উক্ত অঞ্চলৰ যাতায়াত ব্যৱস্থাৰ ওপৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ নোহোৱা আৰু স্থানীয় বিধায়িকা নন্দিতা দাসে মাহীআইৰ দৃষ্টিৰে চোৱা বুলি উল্লেখ কৰিছে। এই পথসমূহেদি চৰকাৰী বিষয়া কৰ্মচাৰী, বিধায়ক আৰু মন্ত্ৰী নাহে বাবে পয়ালগা পথৰ ছবি চকুত নপৰে বুলি ক্ষোভ উজাৰে অঞ্চলটোৰ বহুসংখ্যক লোকে। ইফালে বকো কালিয়াবড়ী গাঁৱৰ মাজেদি যোৱা পথটো অতি ব্যস্ত আৰু জনবহুল। সকলো সময়তে পথটো গাড়ী-মটৰ, টেক্টৰ আদিৰে ভিৰ হৈ থাকে কিন্তু জহি খহি যোৱাৰ ফলত যাতায়তৰ অনুপযোগী হৈ পৰে। পথটোত খৰালিতেই পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত আৰু এতিয়া বাৰিষা বতৰত কেনে কেনে পৰিবেশ সৃষ্টি হ’ব বুজাইহে বুজিব। মুঠৰ ওপৰত যাতায়াতৰ ক্ষেত্ৰত চৰম যন্ত্ৰনা। আনহাতে বকো বৰপাৰাৰ নালাঘাট গাঁৱলৈ যোৱা পথটোৰ অৱস্থা অতি শোচনীয়। বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত পথবোৰ জহি খহি গৈছে। এই পথটোৰে অহা যোৱা কৰে মডেল ইংলিছ মিডিয়াম স্কুলৰ ছাত্ৰ ছাত্ৰী সকল। যাৰ ফলত সাংঘাটিক ধৰণেৰে দূৰ্ঘটনা হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। এইক্ষেত্ৰত চৰকাৰে বিষয়টো গুৰুত্ব আৰোপ কৰিব লাগে বুলি জানিব দিয়ে অঞ্চলটোৰ বহু যাতায়াতী আৰু সমাজ সচেতন ৰাইজে। অতি জৰুৰী এই পথবোৰ, তৎস্বতেও বিভাগবোৰৰ লগতে বকোৰ বিধায়িকা নন্দিতা দাসৰ কাণষাৰ নাই মূল পথটোৰ মেৰামতি আৰু উন্নয়নৰ ক্ষেত্ৰত।
প্ৰেৰক বিষ্ণু ৰাম দাস