নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰ : অপৰাধ জগতৰ ঘাটিত পৰিনত হৈছে ৰঙিয়া। আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই বহু কেইজন দুৰ্বৃত্তক জেল হাজোতলৈ প্ৰেৰণ কৰিছে। কামৰূপ আৰক্ষীয়ে মঙলবাৰে দুজনকৈ দুধৰ্ষ অপৰাধীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন দুৰ্বৃত্ত দুজনৰ পৰা পইন্ট ৰ্থ্ৰী টু আৰু পইন্ট টু টু দুটাকৈ পিষ্টল সহ ১৬ জাই সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱক দুজন হৈছে কামৰূপ জিলাৰ কঞাৰ আতিকুল ইছলাম আৰু তজমুল আলী। ঘটনাৰ পিচতে ৰঙিয়া আৰক্ষী থানাত কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ ৰয় উপস্থিত হয় । আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ামতে সমগ্ৰ কামৰূপ জিলাৰ লগতে ৰঙিয়া মহকুমাত দীৰ্ঘদিনৰ পৰা ধৃত দুই যুৱকে টকাৰ বেগ, মহিলাৰ ডিঙিৰ চেইন আদি কাঢ়ি নিয়াৰ দৰে কেইবাটাও অপৰাধ সংঘটিত কৰি আহিছে। দুৰ্বৃত্ত দুজনৰ বিৰুদ্ধে কামৰূপ জিলাৰ দুখন থানাত তিনিটাকৈ গোচৰ ৰুজু হৈ আছে বুলি উল্লেখ কৰে আৰক্ষী অধিক্ষক গৰাকীয়ে। কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক আচিফ আহমেদৰ নেতৃত্ব যোৱা অভিযানকাৰী আৰক্ষীৰ দলটোৱে দুৰ্বৃত্ত দুজনৰ ৰান্ধনী ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে পিষ্টল দুটাৰ লগতে সজীৱ গুলি সমুহ। ইফালে আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে হাকিমুল আহমেদ নামৰ এজন দুৰ্বৃত্ত পলাই যাবলৈ সক্ষম হয় ।
প্ৰেৰক ফাৰুক হুছেইন