নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতত সৰিয়হ-ৰঙালাউৰ খেতি পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

বিশেষ বাৰ্তা, ২৭ ডিচেম্বৰ : ৰাজ্য চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা মন্ত্রী অতুল বৰাই বোকাখাতৰ চহলা-ছ’গুৰিৰ কৃষকসকলে কৃষি বিভাগৰ সহযোগত ৫০০০ বিঘাৰো অধিক ভূমিত কৰা সৰিয়হৰ খেতিডৰা পৰিদৰ্শন কৰে। লগতে ১০০০ বিঘা ভূমিত কৰা ৰঙালাউ আৰু ৫০০ বিঘা ভূমিত কৰা আলুৰ খেতিডৰা পৰিদৰ্শন কৰি উল্লসিত হৈ পৰে। লগতে কৃষকসকলৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাক প্ৰশংসা কৰাৰ লগতে এই ধৰণৰ আশাপ্ৰশ কৰ্মৰ বাবে কৃষকসকলক ধন্যবাদ জ্ঞাপন কৰে। সৰিয়হ আৰু ৰঙালাউ খেতি পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে নিজকে যথেষ্ট গৌৰৱান্বিত অনুভৱ কৰা বুলি জনোৱাৰ লগতে এই ধৰণৰ কামৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। প্ৰতিজন কৃষকৰ মুখত প্ৰাপ্তিৰ হাঁহি বিৰিঙাই তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰচেষ্টা সদায়ে অব্যাহত থাকিব বুলি এই স্থানৰ পৰাই মন্ত্ৰী অতুল বৰাই আশ্বাস দিয়ে।

You might also like