বিশেষ বাৰ্তা, ১৯ জুলাইঃ নিৰাপত্তাহীনতাত স্বয়ং ভাৰতীয় চোৰাংচোৱা সন্থাৰ মুৰব্বী। শীৰ্ষ আৰক্ষী বিষয়া তপন কুমাৰ ডেকাৰ বাসগৃহতে চোৰৰ চাফাই অভিযান। হেঙেৰাবাৰীৰ গোপালকৃষ্ণ পথৰ ৩৩ নং বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড। আৰক্ষী বিষয়াগৰাকীৰ অনুপস্থিতিৰ সুযোগ লৈ চোৰে চলাই চাফাই অভিযান। ইফালে দিছপুৰ আৰক্ষীলৈ বিষয়াজনে পত্ৰ লিখাৰ পিছতেই বিষয়াগৰাকীৰ বাসগৃহত মোতায়েন কৰা হয় ৩জন আৰক্ষীৰ লোক । স্থানীয় লোকৰ অভিযোগ যে এই স্থানত প্ৰায়ে সংঘটিত হয় চুৰিকাণ্ড। লগতে ইয়াত চিলনী চোৰৰ উপদ্ৰৱ অতিমাত্ৰাত বৃদ্ধি পাইছে। কিয়নো ইয়াত ভিতৰুৱা গলিত নোসামায় দিছপুৰ থানাৰ পেট্ৰলিঙৰ গাড়ী। যাৰ বাবে দিনে-নিশাই শংকাত কটায় স্থানীয় ৰাইজ।