নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত জংঘলত উদ্ধাৰ কুইণ্টলে কুইণ্টলে ৰড

নিয়মীয়া বাৰ্তা,  ১০ ছেপ্টেম্বৰ : জোনাইৰ পুৰণা জেলমস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত জংঘলত লুকাই ৰখা অৱস্থাত স্থানীয় ৰাইজে শনিবাৰে উদ্ধাৰ কৰে প্ৰায় ১৮ কুইণ্টল ৰড ৷ কিন্তু কোনে আৰু ক’ৰ পৰা চুৰি কৰি এনেদৰে জংঘলত লুকাই ৰাখিছিল ১৮ কুইণ্টল ৰড ? জানিব পৰা মতে, শনিবাৰে জোনাইৰ পুৰণা জেলম গাঁৱৰ কেইজনমান লোকে উদ্ধাৰ কৰে জংঘলত লুকাই ৰখা ১৮ কুইণ্টল ৰড ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, উক্ত লুকাই ৰখা ৰডবোৰ জোনাইৰ পুৰণা জেলমত নিৰ্মীয়মাণ একলব্য কেন্দ্ৰীয় বিদ্যালয়ৰ ৷ উক্ত ১৮ কুইণ্টল ৰড নিৰ্মীয়মাণ কেন্দ্ৰীয় বিদ্যালয়খনৰ পৰা কোনোবা লোকে চুৰি কৰি এনেদৰে জংঘলত লুকাই ৰাখি সুযোগ চাই বাহিৰত বিক্ৰীৰ পৰিকল্পনা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে নিৰ্মীয়মাণ একলব্য কেন্দ্ৰীয় বিদ্যালয়খনৰ পৰা ৰড, চিমেণ্ট আদি সামগ্ৰী চুৰি হৈ আহিছে বহুদিনৰ পৰা ৷ উক্ত চুৰি কাৰ্যত জড়িত কেইবাজনকো স্থানীয় ৰাইজে ধৰি আৰক্ষীক গতাই দিয়াত বহুজন আলহী হ’ল ৰঙাঘৰৰো৷ কিন্তু ইমানৰ পিছতো নিৰ্মীয়মাণ একলব্য কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা কোনোবা লোকে ৰড চুৰি কৰি এনেদৰে জংঘলত লুকাই ৰখা কাৰ্যই চিন্তিত কৰি তুলিছে স্থানীয় সচেতন মহলক৷ কাৰণ অসম-অৰুণাচল সীমান্তত থকা জোনাইৰ পুৰণা জেলম অঞ্চলত চৰকাৰে স্থাপন কৰিবলগীয়া একলব্য কেন্দ্ৰীয় বিদ্যালয়খনক লৈ পিছপৰা অঞ্চলটোৰ ৰাইজে দেখিছে অলেখ সপোন৷  কিন্তু এনেদৰে সঘনাই বিদ্যালয়খনৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীবোৰ চুৰি হৈ থকাত নিৰ্মাণকাৰ্য স্থবিৰ হৈ পৰাৰ আশংকাত চিন্তিত পৰিছে স্থানীয় ৰাইজ৷ সেয়ে নিৰ্মীয়মাণ বিদ্যালয়খনত সঘনাই ৰড-চিমেণ্ট চুৰি হৈ থকা ঘটনা সন্দৰ্ভত তদন্ত কৰি চুৰি কাৰ্য্যত জড়িত লোকসকলক চিনাক্ত কৰি উচিত শাস্তি বিহিবলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে ৷

প্ৰেৰক কৰবী দলে
You might also like