নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলত ধোনীৰ ছিক্সাৰে বিদায় দিলে চেন্নাইক !

🔹 ২০১১ৰ বিশ্বকাপত মাহীয়ে ৬ কোবাই চেম্পিয়ন কৰাইছিল ভাৰতক

বিশেষ বাৰ্তা, ২০ মে’ : দলক আইপিএলৰ প্লে-অফত প্রৱেশ কৰাবলৈ মৰণপণ যুঁজত অৱতীর্ণ হোৱা ধোনীয়েই চেন্নাইক বিদায় দিলে নেকি? ক্রিকেটীয় যুক্তিত নিজৰ অজ্ঞাতে সেয়াই কৰিলে মাহীয়ে৷ ১১০ মিটাৰ দৈর্ঘ্যৰ ছয় কোবাই হয়তো নিজৰ বিদায় বার্তা লিখি পেলাইছিল তেওঁ৷ ২০১১ চনৰ বিশ্বকাপৰ ফাইনেলত মহেন্দ্র সিং ধোনীৰ ছিক্সাৰেই ভাৰতীয় ক্রিকেটত লোকগাথা হৈ পৰিছে৷ ৱাংখেড়ে ষ্টেডিয়ামৰ গেলাৰীত উফৰি পৰা তেওঁৰ এটা ছয়ে বিশ্ব চেম্পিয়ন কৰাইছিল ভাৰতক৷ সেইগৰাকী মহান ক্রিকেটাৰৰ এটি ছিক্সাৰে আইপিএলৰ যুঁজৰ পৰা দূৰলৈ পঠিয়ালে চেন্নাই ছুপাৰ কিংছক ৷ শনিবাৰে বেংগালুৰুত হোৱা বৰষুণৰ বাবে বল ভিজি যোৱাত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ বলাৰৰ সমস্যা হৈছিল৷ আৰচিবিৰ অধিনায়ক ডু প্লেছিছ, বিৰাট কোহলিহঁতে বাৰে বাৰে বল পৰিৱর্তন কৰাৰ বাবে আম্পায়াৰক আবেদন জনাইছিল৷ কিন্তু বলৰ আকৃতি নষ্ট নোহোৱা বাবে বল সলনি কৰিব বিচৰা নাছিল আম্পায়াৰে৷ কিন্তু বেংগালুৰুক একপ্রকাৰ সহায় কৰিছিল ধোনীয়ে৷ আইপিএলৰ প্লে-অফত প্রৱেশৰ বাবে ইনিংছৰ শেষ অভাৰত চেন্নাইক ১৮ ৰানৰ প্রয়োজন হৈছিল৷ ডু প্লেছিছে বলটো তুলি দিছিল যশ দয়ালৰ হাতত৷ বেটাৰ আছিল ধোনী৷ প্রথম বলটোতে ছয় কোবায় মাহীয়ে৷ বল গৈ ষ্টেডিয়ামৰ বাহিৰত পৰিছিল৷ ১১০ মিটাৰৰ সেই ছিক্সাৰৰ পাছত নতুন শুকান বল ল’বলৈ বাধ্য হয় আম্পায়াৰে৷ ইয়াৰ ফলত লাভৱান্বিত হয় বেংগালুৰু৷ কাৰণ ভিজা বল একপ্রকাৰ চাবোনৰ দৰে পিছল হৈ পৰিছিল৷ বলাৰে বল নিয়ন্ত্রণত ৰখা সমস্যা হৈছিল৷ যাৰ বাবে ল’কী ফার্গুছনে নাকল বল কৰিবলৈ গৈ দুবাৰ ব্যর্থ হৈছিল৷ শুকান বল পোৱাৰ লগে লগে গুৰুত্বপূর্ণ অন্তিম অভাৰত বলৰ ওপৰত নিয়ন্ত্রণ লাভ কৰে বেংগালুৰুৰ বলাৰে৷ দয়ালে দ্বিতীয়টো বল কৰাৰ সময়ত শেষ মুহূর্তত গতি কমাই দিছিল৷ ধোনীয়ে ৬ মাৰিবলৈ গৈ কেছ দি বিদায় লয়৷ ইয়াৰ পাছত সমস্যাৰ সন্মুখীন হয় শার্দুল ঠাকুৰ, ৰবীন্দ্র জাদেজাহঁত৷ অন্তিম চাৰিটা বলত প্রয়োজনীয় ১১ ৰান কৰাত ব্যর্থ হয় চেন্নাই৷ তেওঁলোকৰ বেটলৈ আহে মাত্র এক ৰান৷ ১৩ বছৰ পূর্বে ৰুদ্ধশ্বাস ফাইনেলত ধোনীয়ে কোবোৱা এটা ছিক্সাৰে শ্রীলংকাৰ বিৰুদ্ধে বিজয় আনি দিছিল ভাৰতক৷ ৱাংখেড়েৰ গেলাৰীৰ যি দুখন আসনত বল গৈ পৰিছিল, সেই দুখন আসন সংৰক্ষিত কৰি ৰাখিছে মুম্বাই ক্রিকেট সন্থাই৷ শনিবাৰে ধোনীৰ এটি অনুৰূপ ছিক্সাৰে আইপিএলৰ পৰা বিদায় দিলে পাঁচবাৰৰ চেম্পিয়ন চেন্নাইক! ষ্টেডিয়ামৰ বাহিৰত পৰা সেই বলতে হয়তো ধোনীয়ে লিখি দিছিল নিজ দলৰ বিদায় বার্তা৷

You might also like