নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলত আন এক নজিৰ বিৰাট কোহলিৰ

বিশেষ বাৰ্তা, ২০ মে’ : আইপিএলৰ লীগ পর্বৰ অন্তিমখন মেচ বেংগালুৰুৰ বাবে আছিল একপ্রকাৰ নকআউট৷ কাৰণ মেচখনত জয়লাভৰ লগতে নেট ৰানৰেটৰ অংকও আছিল৷ এনে এখন গুৰুত্বপূর্ণ মেচত অভিলেখ প্রতিষ্ঠা কৰিলে বিৰাট কোহলিয়ে৷ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে  ২৯টা বলত ৪৭ ৰানৰ ইনিংছ খেলিলে কোহলিয়ে৷ অর্ধশতৰানৰ পৰা বঞ্চিত হ’লেও প্রথমগৰাকী ক্রিকেটাৰ হিচাপে আইপিএলত এখন খেলপথাৰতে তিনি হাজাৰ ৰান পূর্ণ কৰাৰ নজিৰ গঢ়িলে তেওঁ৷ এই মাইলৰ ফলক স্পর্শ কৰিবলৈ কোহলিয়ে খেলিবলগীয়া হয় ৮৯খন মেচ৷ বেংগালুৰুত শনিবাৰ পর্যন্ত তেওঁৰ ৰান হয়গৈ ৩,০০৫৷ এই তালিকাৰ দ্বিতীয় স্থানত আছে ৰোহিত শর্মা৷ তেওঁ মুম্বাইত ৮০খন মেচ খেলি সংগ্রহ কৰিছে ২,২৯৫ ৰান৷ তালিকাৰ তৃতীয় স্থানত আছে এ বি ডি ভিলিয়াৰ্ছ৷ তেওঁ বেংগালুৰুত ৬১খন মেচ খেলি সংগ্রহ কৰিছে ১,৯৬০ ৰান৷ চতুর্থ স্থানত আছে ডেভিদ ৱার্নাৰ৷ তেওঁ হায়দৰাবাদত ৩২খন মেচ খেলি ১,৬২৩ ৰান কৰিছে৷ তালিকাৰ পঞ্চম নাম ক্রিজ গেইল৷ তেওঁ ৪৫খন মেচ খেলি বেংগালুৰুত ১,৫৬১ ৰান কৰিছে৷ এইবাৰ আইপিএলত কোহলিয়ে ১৪খন মেচ খেলি ৭০৮ ৰান কৰিছে৷

You might also like