নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেকচিনক লৈ উৰাবাতৰিঃ ড০ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰিলে স্পষ্ট মত

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ আজি দেশজুৰি আৰম্ভ হোৱা ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী অসমতো ইতিমধ্য়ে আৰম্ভ হৈ গ’ল। কিন্তু ক’ৰোনাৰ আতংকৰ সময়ৰ দৰে ভেকচিনক লৈ নানা উৰাবাতৰি বৰ্তমানো ওলাই থকা দেখা গৈছে।

এই সন্দৰ্ভত আজি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়- ‘ক’ভিড-১৯ৰ সময়তো কিছুমান উৰাবাতৰি ওলাইছিল, আমাক বহু মনোকষ্ট দিছিল এই উৰাবাতৰিয়ে। ক’ভিড-১৯ৰ বিৰুদ্ধে হোৱা যুঁজখনক প্ৰায় স্তিমিত কৰি পেলাইছিল এটা পৰ্যায়ত। সেই পৰ্যায়টোত আমি যেন হাত দাঙি বহি যাম, তেনে এটা মুহূৰ্তলৈ তেওঁলোকে আমাক লৈ গৈছিল।

আজি অসমৰ খ্যাতনামা চিকিৎসকসকলে ক’ভিড ভেকচিন লৈ প্ৰমাণ কৰি দিলে যে এই উৰাবাতৰিৰ কোনো সত্যতা নাই। প্ৰমাণ কৰিলে যে এই ভেকচিন নিৰাপদ, সুৰক্ষিত আৰু মানৱ কল্যাণৰ বাবে নিৰ্মিত।’

উল্লেখ্য আজি ৰাজ্যখনৰ বহুকেইগৰাকী জ্যেষ্ঠ চিকিৎসকে ক’ৰোনা ভেকচিন গ্ৰহণ কৰি একপ্ৰকাৰ নজিৰ সৃষ্টি কৰে।

You might also like