নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ ফুটালজাৰত চাঞ্চল্যকৰ অপহৰণ কাণ্ড

নিয়মীয়া বাৰ্তা, ২৫ মে’ : ৰূপহীহাটৰ পশ্চিম ফুটালজাৰত যোৱানিশা এক চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ ঘটনা সংঘটিত হৈছে৷ যোৱানিশা ১২ বজাত বিদ্যুত কৰ্তন কৰাৰ সময়ত পশ্চিম ফুটালজাৰৰ মুশ্বিকুৰ ৰহমান নামৰ যুৱকজন বাহিৰত ওলাই আহি বতাহ খাই আছিল৷ ঠিক সময়তে এখন বাইকত খাটোৱালৰ এমদাদুল হক আৰু আমজত আলী আহি মুশ্বিকুৰক দোকানলৈ যাবলৈ কয় শিখৰ আনিবলৈ৷ মুশ্বিকুৰে যুৱক দুজনৰ লগত বাইকত উঠি দোকানলৈ যাব বুলি বাইকত উঠিল৷ কিন্তু যুৱক দুজনে মুশ্বিকুৰক লৈ দোকান নগৈ বেলেগ ফালে যাত্ৰা কৰিলে৷ তেতিয়া মুশ্বিকুৰৰ সন্দেহ হল আৰু যুৱক দুজনক সুধিলে যে তেওঁক কত লৈ গৈ আছে৷ তেতিয়া যুৱক দুজনে মুশ্বিকুৰৰ মূৰত পিষ্টল ৰাখি কলে তাক মাৰিবলৈ আনিছে৷ সুতিৰপাৰ পোৱাৰ পিছত পথত এজন মানুহ দেখি মুশ্বিকুৰে বাইকৰ পৰা জঁপিয়াই পৰে৷ আৰু ওচৰ-চুবুৰীয়া আহি সমৱেত হোৱাত অপহৰণকাৰী যুৱক দুজন বাইক লৈ পলায়ন কৰে ৷ ঘটনা সন্দৰ্ভত মুশ্বিকুৰে গড়াজান আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰিছে৷ এজাহাৰৰ ভিত্তিত গড়াজান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like