নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ হৰিনামেৰে মুখৰিত হৈ পৰিছে নলবাৰীৰ পূব পাগলাদিয়া পাৰ। শ শ ভক্তপ্ৰাণ লোকে হৰিনাম, নাম প্ৰসংগ তথা ভক্তি বন্দনাৰে মুখৰিত কৰি তুলিছে ইয়াৰ চৌপাশ। নলবাৰীৰ পূৱ প্ৰান্তস্থিত শ্ৰীমন্ত শংকৰদেৱ কেন্দ্ৰীয় নামঘৰ সন্ধা প্ৰাথমিক শাখাৰ সৌজন্যত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫তম আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়। যোৱা ২৪ৰ পৰা ২৮ ছেপ্টেম্বৰৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উক্ত নামঘৰ প্ৰাংগণত মহাপুৰুষ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়। আজি কাৰ্যসূচীৰ দ্বিতীয় দিনা পুৱা নাম-প্ৰসংগৰে অনুষ্ঠান আৰম্ভ হয়। ইয়াৰ পিছত গছপুলি ৰোপন কৰে ৩নং খাটা গাও পঞ্চায়তৰ সভানেত্ৰী ৰুক্মিনী কলিতাই। ইয়াৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে সুবোধ ডেকাই। লগতে আন ভালেমান কাৰ্যসূচীৰ অন্তত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰা হয়। উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য গোবিন্দ মেধিয়ে। উল্লেখ্য কেইবাশ লোকে উক্ত ভাগৱত যাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। লগতে উক্ত ভাগৱত যাত্ৰাত হিন্দু-মুছলমান-বড়ো সকলোৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। শোভাযাত্ৰাত কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰাল (গুৱাকুছি)ৰ পৰা জিকিৰ দল, চত্ৰা গাঁৱৰ পৰা বাগৰুম্বা দল আৰু বিহু নৃত্য দলকে ধৰি আইসকলৰ নামতি দল , ধুলীয়া-খুলীয়া দলে অংশ গ্ৰহণ কৰে। ইয়াৰ পিছত দুপৰীয়া মহাপ্ৰসাদ বিতৰণ কৰা হয়। আবেলি অসমীয়া লোক সংস্কৃতিৰ অন্যতম ওজাপালি প্ৰদৰ্শন কৰা হব। আনহাতে নিশা “সন্ধাতৰা ভ্ৰাম্যমাণ নাট্যদলৰ নাট প্ৰদৰ্শন কৰা হব বুলি উদ্যোক্তাসকলে অৱগত কৰায়। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক বিশ্বত প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে তথা সমাজত শান্তি-একতা-ভাতৃত্ববোধ জগাই ৰখাৰ বাবে সন্ধাবাসীয়ে অতীজৰে পৰা সম্ৰতিৰ নিদৰ্শন দাঙি ধৰি আহিছে আৰু ভৱিষ্যতেও থাকিব বুলি উক্ত অঞ্চলৰ স্থানীয় লোকে জনায়। আনহাতে উদ্যোক্তা সকলে অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে ৰাইজৰ সহযোগ আৰু উপস্থিত শ্ৰদ্ধাৰে কামনা কৰিছে। উল্লেখ্য যে আজিৰ শোভাযাত্ৰী সকলক জানোপাৰ মছজিদ জামাত সমিতিয়ে পানী, চৰবত আদি যোগান ধৰি এক সমন্বয়ৰ নিদৰ্শন দেখুৱায়।
প্ৰেৰক শ্বাহ আলম আহমেদ