সঞ্জীত কৃষ্ণসহ ৫ অভিযুক্তক কাৰাগাৰতে জেৰা কৰিব ইডিয়ে
নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) নিযুক্তি কেলেংকাৰিৰ মূল অভিযুক্ত পি কে দত্ত, সঞ্জীত কৃষ্ণসহ পাঁচ অভিযুক্তক কাৰাগাৰত জেৰা কৰিব এনফ’চমেণ্ট সঞ্চালক (ই ডি)এ৷ কাৰাগাৰৰ ভিতৰতে এছ আই কেলেংকাৰিৰ অভিযুক্তকেইজনক জেৰা কৰাৰ বাবে ই ডিক অনুমতি প্রদান কৰিছে বিশেষ ন্যায়াধীশৰ আদালতে৷ উল্লেখ্য যে অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলকে ধৰি গুৰুতৰ বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷
নিযুক্তি পৰীক্ষাৰ প্রাক্ক্ষণত একাংশ প্রার্থীয়ে প্রশ্ণকাকত লাভ কৰাৰ তথ্য ফাদিল হোৱাৰ লগে লগে ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া সৃষ্টি হয়৷ লগে লগে তদানীন্তন সর্বানন্দ সোণোৱাল চৰকাৰে সমগ্র কেলেংকাৰিটোৰ এক তদন্ত ঘোষণা কৰে৷ এই তদন্তত অৱসৰপ্রাপ্ত ডিআইজি পি কে দত্ত, নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণকে ধৰি বহুসংখ্যক লোক জড়িত থকাৰ তথ্য পোহৰলৈ আহে৷
ইতিমধ্যে এই গোচৰত তদন্তকাৰী আৰক্ষীয়ে চার্জশ্বীত দাখিল কৰিছে৷ ইয়াৰ মাজতে পি কে দত্ত, কুমাৰ সঞ্জীত কৃষ্ণসহ আন একাংশ অভিযুক্তক জেৰা কৰিবলৈ বিশেষ আদালতত আবেদন দাখিল কৰে ই ডিয়ে৷ আদালতে ই ডিৰ এই আবেদন মঞ্জুৰ কৰিছে৷ পি কে দত্ত, সঞ্জীত কৃষ্ণৰ উপৰি ই ডিয়ে কাৰাগাৰত জেৰা কৰিব ৰূপম দাস, শৰৎ শর্মা আৰু ৰুবুল হাজৰিকাক৷ শৰৎ শর্মা আৰু ৰুবুল হাজৰিকা সম্প্রতি গোৱালপাৰা কাৰাগাৰত বন্দী হৈ আছে৷