নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰ উন্নয়ন সঞ্চালকালয়ত ১০০ কোটিৰ কেলেংকাৰি

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ চৰ অঞ্চলত বসবাস কৰা লোকসকলৰ উন্নয়নৰ বাবে প্রদান কৰা আঁচনিসমূহ একাংশ বিষয়াৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে৷ সামগ্রিকভাৱে সকলো খণ্ডতে পিছপৰি থকা চৰ অঞ্চলৰ লোকসকলৰ উন্নয়নৰ বাবে আবণ্টন কৰা পুঁজি বছৰ বছৰ ধৰি একাংশ বিষয়াই আত্মসাৎ কৰাৰ ভয়ংকৰ তথ্য উন্মোচিত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ শেহতীয়াকৈ আমগুৰি নৱনির্মাণ সমিতি নামৰ এটা সংস্থাই দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনত উল্লেখ কৰা অনুসৰি চৰ অঞ্চল উন্নয়ন সঞ্চালকালয়ত ২০১৩–১৪ বিত্তীয় বর্ষৰ পৰা ২০১৭–১৮ বিত্তীয় বর্ষলৈ সংঘটিত হৈছে প্রায় ১০০ কোটি টকাৰ কেলেংকাৰি৷ ছাত্র জলপানি প্রদানৰ পৰা আৰম্ভ কৰি নিবনুৱা সংস্থাপনৰ বাবে টাটা ছুম’ বিতৰণলৈকে, বিশুদ্ধ খোৱাপানীৰ বাবে দমকল বিতৰণৰ পৰা আৰম্ভ কৰি পাৱাৰটিলাৰ বিতৰণলৈকে সকলো ক্ষেত্রতে ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ আমগুৰি নৱনির্মাণ সমিতিয়ে দাখিল কৰা ৪৮/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনৰ সৈতে আৰটিআইৰ ভিত্তিত লাভ কৰা তথ্য আৰু কেগৰ প্রতিবেদনত উল্লিখিত অনিয়মৰ তথ্য উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে৷ নৱনির্মাণ সমিতিয়ে দাখিল কৰা আবেদনখনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ এন কে সিং আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ খণ্ড বিচাৰপীঠে এই সন্দর্ভত ৰাজ্যৰ মুখ্য সচিবক তদন্ত কৰিবলৈ নির্দেশ দিছে৷

১২ সপ্তাহৰ ভিতৰত চৰ উন্নয়ন সঞ্চালকালয়ত সংঘটিত অনিয়ম সন্দর্ভত উত্থাপিত অভিযোগৰ তদন্ত সম্পূর্ণ কৰিবলৈও খণ্ড বিচাৰপীঠখনে নির্দেশ দিছে৷ এই সন্দর্ভত আবেদনকাৰী আৰু আন ব্যক্তিয়ে দাখিল কৰা বিভিন্ন নথিপত্র বিবেচনা কৰি তদন্ত নিষ্পত্তি কৰিবলৈ উচ্চ ন্যায়ালয়ে নির্দেশ দিছে৷ অৱশ্যে তদন্তৰ বাবে গঠন কৰা কমিটীত দুর্নীতিৰ অভিযোগ উত্থাপিত হোৱা কোনো বিষয়াক সন্নিৱিষ্ট কৰিব নোৱাৰিব মুখ্য সচিবে৷

উল্লেখ্য যে আমগুৰি নৱনির্মাণ সমিতিয়ে বিগত সয়ছোৱাত বিভিন্ন সঞ্চালকালয়ত সংঘটিত অনিয়ম সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছে৷ ইতিমধ্যে পূর্বে দাখিল কৰা কেইবাখনো আবেদনৰ ভিত্তিত উক্ত সঞ্চালকালয়সমূহত্ সংঘটিত অনিয়ম সন্দর্ভত তদন্ত কৰিবলৈ উচ্চ ন্যায়ালয়ে মুখ্য সচিবক নির্দেশ দিছিল৷ চৰ উন্নয়ন সঞ্চালকালয়ত সংঘটিত বিভিন্ন অনিয়মৰ তথ্য এইবাৰ আবেদনৰ জৰিয়তে উন্মোচিত কৰিছে আমগুৰি নৱনির্মাণ সমিতিয়ে৷ সেই অনুসৰি ২০১৩ বর্ষৰ পৰা ২০১৮ বর্ষলৈ ছাত্র জলপানি প্রদানৰ নামত চৰ উন্নয়ন সঞ্চালকালয়ত সংঘটিত হৈছে বৃহৎ অনিয়ম৷ প্রায় ১৯ কোটি টকা ছাত্র জলপানিৰ নামত আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ সেইদৰে একাংশ নিবনুৱা যুৱক–যুৱতীক কর্মসংস্থাপনৰ বাবে টাটা ছুম’ বিতৰণৰ ক্ষেত্রতো অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে কেগৰ প্রতিবেদনত৷ এইক্ষেত্রত প্রায় ১.৩৬ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱা বুলি উল্লেখ কৰা হৈছে৷

একেখন গাড়ীৰে নম্বৰ প্লেট সলনি কৰি কেইবাজনো যুৱকক প্রদান কৰা দেখুৱাই ধন আত্মসাৎ কৰাৰ ফন্দি ৰচিছিল একাংশ বিষয়াই৷ সেইদৰে হেণ্ডস্প্রে’ মেচিন, দমকল, মৰাপাটৰ বীজ, পাৱাৰপাম্প, পাৱাৰটিলাৰ, চিলাই মেচিন আদি বিতৰণৰ ক্ষেত্রতো ভুৱা হিতাধিকাৰীৰে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ দমকল বিতৰণৰ নামত প্রায় ৯৬ লাখ টকা আত্মসাৎ কৰা বুলি কেগৰ প্রতিবেদনত উল্লেখ কৰা হৈছে৷ সেইদৰে ১৬,১৯৮টা হেণ্ডস্প্রে’ৰ অতিৰিক্ত ক্রয়ৰ বাবদ ১.৫০ কোটি টকাৰ খেলিমেলি হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ একেদৰে প্রায় ৯০ লাখ টকাৰে ক্রয় কৰা ৯১৬৩টা হেণ্ডস্প্রে’ মেচিন বিতৰণেই নকৰিলে সঞ্চালকালয়ে৷ এনেদৰে বছৰ বছৰ ধৰি চৰ অঞ্চলৰ লোকসকলৰ বাবে আবণ্টন কৰা ধন একাংশ বিষয়াই আত্মসাৎ কৰাৰ ফলত সামগ্রিকভাৱে আজিও পিছপৰি ৰ’ল চৰ অঞ্চলত বসবাস কৰা লোকসকল৷ এইক্ষেত্রত তদন্তৰ অন্তত ৰাজকোষৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰা বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰা হয়, সেয়া হ’ব লক্ষণীয়৷

You might also like