নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যজুৰি জাতীয় পৰিষদৰ জাতীয় গর্জন

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ ৫নং দফা হৈছে অসম চুক্তিৰ আত্মা৷ আত্মাক হত্যা কৰি চুক্তি ৰূপায়ণ কৰিম বুলি কোৱাটো চৰম প্রতাৰণাৰ বাহিৰে আন একো নহয়– এই দাবীৰে মঙলবাৰে ৰাজ্যজুৰি গর্জন কার্যসূচী ৰূপায়ণ কৰিলে অসম জাতীয় পৰিষদে৷ ৰাজ্যৰ প্রায় প্রতিখন জিলাৰ সদৰত দলীয় নেতা–কর্মীয়ে সমৱেত হৈ অসম চুক্তিৰ ৫নং দফা আৰু ৬নং দফা কার্যকৰী কৰাৰ দাবী তোলে৷ গুৱাহাটী মহানগৰীৰ চানমাৰিস্থিত অভিযান্ত্রিক মহাবিদ্যালয় প্রতিষ্ঠান খেলপথাৰত অসম জাতীয় পৰিষদ (অজাপ)ৰ নেতা–কর্মীসকলে হাতে হাতে প্লেকার্ড, তাল, খোল লৈ ‘অসম চুক্তিৰ আত্মাক হত্যা নকৰিব’, ‘অসম চুক্তিৰ ৬নং দফাৰ আধাৰত খিলঞ্জীয়া লোকক সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰক’, ‘অসম চুক্তিৰ ৫ আৰু ৬নং দফা কার্যকৰী কৰক,’ ‘অসমত ‘কা’ প্রৱর্তন নকৰিব’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

অজাপই মঙলবাৰে গর্জন কার্যসূচীৰে অভিযোগ কৰে যে ‘কা’বিৰোধী আন্দোলনৰ সময়ত বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ নেতাসকলে অসম চুক্তিক অপ্রাসংগিক বুলি মত প্রকাশ কৰিছিল৷ কিন্তু চৰকাৰ গঠনৰ পিছতে অসম চুক্তি ৰূপায়ণৰ নামত এলানি সভা–সমিতি পাতি চুক্তিখনৰ ৫নং আৰু ৬নং দফাক বাদ দি বাকী দফাসমূহৰ কিছুমান কম গুৰুত্বপূর্ণ কাম কৰাৰ প্রস্তুতি আৰম্ভ কৰিছে৷ অথচ উক্ত দুয়োটা দফাত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ তথা অসমীয়া লোকক সাংবিধানিক ৰক্ষাকৱচ দিয়া বিষয়টো চৰকাৰে স্পষ্ট ৰূপত উপেক্ষা কৰিছে৷

মঙলবাৰে গর্জন কার্যসূচী সন্দর্ভত সভাপতি লুৰিণজ্যোতি গগৈয়ে উদ্বেগ প্রকাশ কৰি কয় যে ১৯৫১ চনৰ পিছত প্রতিটো লোকপিয়লত অসমত অসমীয়াভাষী লোকৰ হাৰ প্রতি ২০ বছৰত ১০ শতাংশকৈ হ্রাস পাই ২০১১ চনত ৪৭ শতাংশ হৈছে৷ ২০৩১ চনৰ লোকপিয়লত এই হাৰ ৩৭ শতাংশলৈ নামি আহিব বুলি ধাৰণা কৰা হৈছে৷ অর্থাৎ অনাগত ১০ বছৰৰ পিছত অসমত অসমীয়া জাতি সংখ্যালঘুত পৰিণত হ’ব৷ তেনে পৰিস্থিতিৰ পৰা অসমীয়া লোকক ৰক্ষা কৰিবলৈ হ’লে সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টো এতিয়া নিষ্পত্তি কৰিব লাগিব৷

আনহাতে ‘কা’ আইনৰ প্রসংগত অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে এনডিএ চৰকাৰে সংসদত নাগৰিকত্ব (সংশোধনী) আইন গৃহীত কৰি ইতিমধ্যে অসম চুক্তিক হত্যা কৰিলে৷ ৬নং দফা কার্যকৰী কৰাৰ জৰিয়তে অসমীয়া জাতিক সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰা হ’ব বুলি আশ্বাস দি কেন্দ্রীয় চৰকাৰে উচ্চস্তৰীয় কমিটী গঠন কৰিলে যদিও এই কমিটীয়ে দাখিল কৰা প্রতিবেদন ডেৰ বছৰতকৈ অধিক সময় ধৰি দিছপুৰত অৱহেলিত হৈ পৰি থাকিল৷ উল্লেখ্য যে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত অজাপৰ সদস্য–সমর্থকসক্ অসম চুক্তিৰ ৫নং আৰু ৬নং দফা কার্যকৰী কৰাৰ দাবী তোলে৷

You might also like