নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধ্বংস স্তূপত পৰিণত হোৱা যোৰহাট চক বজাৰত ব্যৱসায়ীৰ হিয়াভগা কান্দোন; কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰিদৰ্শন

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী:  ধ্বংসস্তুপৰ মাজত যেন জীৱিকাৰ অস্তিত্বৰ সন্ধান কৰাত ব্যস্ত তেওঁলোকৰ। মৰিশালিৰ নিস্তব্ধতাই বিৰাজ কৰা ঠাইখনত জীৱনৰ সৰ্বচ্চ হেৰুওৱাৰ আৰ্তনাদ। জীৱন আৰু জীৱিকাৰ ঠাইখনক কাল অমানিশাই শ্মশানসদৃশ অৱস্থাত  পৰিণত কৰাৰ পাছত আজি তেওঁলোকৰ একপ্ৰকাৰৰ ঠিকনা হেৰুওৱা দুৰ্ভগীয়া। তাৰ মাজতেই কিবাকিবি এটা পোৱাৰ আশাত বন্দী তেওঁলোক। নিজৰ জীৱিকাৰ এক মাত্ৰ উৎস ধংশ হৈ যোৱা দোকান খনৰ অস্তিত্ব বিচাৰি আবেগিক হৈ পৰে ব্যৱসায়ী সকল।নিশটোৰ ভিতৰতে সৱৰ্ষ্ট হেৰুৱাব বহুজনে ছাই ৰ মাজত অৱশিষ্ট বিচাৰি ফুৰা দৃশ্য আছিল আবেগিক। কাৰো শান্তনাই আশ্বস্ত কৰিব পৰা নাই তেওঁলোকক।
ইয়াতে মোৰ দোকান আছিল বুলি হিয়া ধাকুৰি কান্দি কান্দি বহি পৰিছে দুৰ্ভগীয়া ব্যৱসায়ী সকল। বজাৰ খনত বিভিন্ন দোকান দি পৰিয়াল চলাই থকা বহু পুৰুষ মহিলা ই আজি কান্দি কান্দি সকলোকে আবেগিক কৰি তোলে। সহস্ৰাধিক পৰিয়ালৰ স্বপ্ন মষিমূৰ হৈ পৰাত এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে ব্যৱসায়ী সকলে। বজাৰ খনত দীৰ্ঘ সময়ৰ ধৰি জোতাৰ ব্যৱসায় কৰি অহা জমীৰ আহমেদ  (বাবলু) য়ে কান্দি কান্দি কয় এতিয়া মই সকলো হেৰুৱাই পেলাইছোঁ। মাত্ৰ দুশ টকা হাতত লৈ এতিয়া মই কেনেকৈ পৰিয়াল চলাম। এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি অনুৰোধ জনায় কয় আমি ভিক্ষা নকৰো আমি কষ্ট কৰি জীৱন চলাই যাম। তাৰ বাবে চৰকাৰে আমাক পূৰ্বৰ স্থনতে দোকানখন খুলি দিয়াৰ ব্যৱস্থা কৰক।অন্যথা আমি ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিম। তদুপৰি বহু ব্যৱসায়ীয়ে বৰ্তমান পৰিয়াল সমূহ চলি যাব পৰাকৈ পূৰ্ব স্থানতে অস্থায়ী ভাবে দোকান খোলাৰ ব্যৱস্থা কৰিবৰ বাবে আহ্বান জনাইছে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰিদৰ্শন
বৃহস্পতি বাৰে নিশা যোৰহাটৰ মাজমজিয়াৰ সকলোৰে চিৰ পৰিচিত চক বজাৰত  সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ পিছত আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্রীয় জাহাজ বন্দৰ আৰু আয়ুস মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ধ্বংস স্তূপত পৰিণত হোৱা বজাৰ  পৰিদৰ্শন কৰে।  নি:শেষ হোৱা বজাৰখন প্ৰত্যক্ষ কৰি তেওঁ কয় যে, যি টো ঘটনা হৈ গল সেয়া অতি মৰ্মান্তিক আৰু হিদয় বিদাৰক। তেওঁ দুৰ্ভগীয়া ব্যৱসায়ী সকলৰ সৈতে মত বিনিময় কৰি কয় যে ক্ষতি গ্ৰস্ত ৰাইজৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যি খিনি কথা কোৱা হৈছে সেয়া কৰা হব। ইতিমধ্যেই দুগৰাকী কৈ সাংসদ আৰু অসম চৰকাৰৰ দুগৰাকী দায়িত্বশীল মন্ত্ৰী আৰু স্থানীয় বিধায়ক গৰাকীয়ে যথেষ্ট তৎপৰতাৰে বিষয়তো গ্ৰহণ কৰি ব্যৱস্থা লৈছে। তদুপৰি তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি কয়।
You might also like