নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া খাদ্যৰ জুঁতি দিবলৈ এম ভি গংগা-বিলাসৰ ৰান্ধনী ৰূপে নিয়োজিত হ’ল ধুবুৰীৰ বঙ্কিম মোদক

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী: বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ অভিমুখে যাত্ৰা কৰা এম ভি গংগা-বিলাস নামৰ বিলাসী প্ৰমোদতৰীখন আজি দুপৰীয়া বৰলুইতেৰে পুনৰ আৰম্ভ কৰিছে উজনিমুৱা যাত্ৰা। জানিব পৰা মতে, অসমলৈ প্ৰৱেশ কৰাৰ পিছত প্ৰমোদতৰীখনৰ চুইডিছ আৰু জাৰ্মান পৰ্য্যটকসকলক অসমীয়া খাদ্যৰ জুঁতি দিবলৈ নিয়োজিত হৈছে এগৰাকী নতুন ৰান্ধনী। ধুবুৰী জিলাৰ গোলকগঞ্জৰ কালডোবা ২য় খণ্ডৰ বঙ্কিম মোদক নামৰ ৩৭ বছৰীয়া ব্যাক্তি এগৰাকীৰ সৈতে এমাহৰ বাবে চুক্তিবদ্ধ হৈছে প্ৰমোদতৰীখনৰ কৰ্তৃপক্ষ। অহা এমাহলৈ মোদকে অসমৰ থলুৱা খাদ্য-সম্ভাৰৰ সৈতে পৰশ দিব এম ভি গংগা-বিলাসেৰে অসমলৈ যোৱা-অহা কৰা বিদেশী পৰ্য্যটকসকলক। ইতিমধ্যে প্ৰমোদতৰীখনৰ ৰান্ধনী ৰূপে তেখেতৰ আজিৰ পৰা আৰম্ভ হৈছে এক নতুন যাত্ৰাৰ; আজি প্ৰমোদতৰীখনেৰে যাত্ৰা কৰিছে উজনিলৈ। জানিব পৰা মতে, অজি দুপৰীয়া আহাৰত অসমৰ থলুৱা খাদ্যৰ জুঁতিলৈ আপ্লুত হৈ পৰা প্ৰমোদতৰীখনৰ ২৮ গৰাকী বিদেশী পৰ্য্যটকে নিশাৰ আহাৰত গ্ৰহণ কৰিব অসমীয়া ব্যঞ্জনেৰে মাছৰ এক বিশেষ সাঁজ।

You might also like